দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি শপত ল’লে ন্যায়াধীশ সঞ্জীৱ খান্নাই। সোমবাৰে পুৱা ১০-০০ বজাত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত শপত বাক্য পাঠ কৰে সঞ্জীৱ খান্নাই।
উল্লেখ্য যে দেওবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ডি ৱাই চন্দ্ৰচুড়ে। ইয়াৰ পিছতে সোমবাৰে দেশে নতুন মুখ্য ন্যায়াধীশ লাভ কৰে। অৱশ্যে মুখ্য ন্যায়াধীশৰ বাবে আবণ্টিত বাংলো ব্যৱহাৰ নকৰে বুলি জনাইছে সঞ্জীৱ খান্নাই।
সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠানত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনকৰ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বিদায়ী মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ো তাত উপস্থিত আছিল।
১৭ অক্টোবৰত মুখ্য ন্যায়াধীশ পদৰ বাবে সঞ্জীৱ খান্নাৰ নাম প্ৰস্তাৱ কৰা হৈছিল। ইয়াৰ পিছত ২৪ অক্টোবৰত কেন্দ্ৰই এই প্ৰস্তাৱত ছীলমোহৰ মাৰে। অৱশেষত ১১ নৱেম্বৰত মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে সঞ্জীৱ খান্নাই। তেওঁ আগন্তুক ৭ মাহৰ বাবে মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত থাকিব । ২০২৫ চনৰ ১৩ মে’ত অৱসৰ ল’ব সঞ্জীৱ খান্নাই।