অৱশেষত মুক্তি নাপালে কংগনা ৰানাৱটৰ বহুচৰ্চিত ইমাৰ্জেঞ্চি ছবিখন। শুকুৰবাৰে কংগনা ৰানাৱট অভিনীত আৰু পৰিচালিত ইমাৰ্জেঞ্চি ছবিখন মুক্তি পোৱাৰ কথা আছিল। কিন্তু কোনো অজ্ঞাত লোকৰ ভাবুকিৰ বাবে চেন্সৰ ব’ৰ্ডে মুক্তিৰ প্ৰমাণপত্ৰ দিবলৈ অসমৰ্থ হোৱাৰ বাবেই সম্ভৱ নহ’ল ইমাৰ্জেঞ্চিৰ মুক্তি।
এইক্ষেত্ৰত ছবিখনৰ প্ৰযোজকে ন্যায়ালয়ৰ কাষ চাপে যদিও ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত কোনো ইতিবাচক ফল লাভ নকৰে।
ছবিখনত এসময়ৰ খালিস্তান আন্দোলনৰ মুৰব্বী জানেৰ্ইল সিং ভিন্দ্ৰাৱেলৰ দীঘলীয়া চৰিত্ৰ আৰু খালিস্তান আন্দোলন দেখুওৱা হৈছে। তদুপৰি এই ছৱিখনত এসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ তেওঁৰ শিখ দেহৰক্ষীৰ দ্বাৰা প্ৰাণ হানি হোৱা দৃশ্যও দেখুওৱা হৈছে।
এগৰাকী অজ্ঞাত শিখ ব্যক্তিয়ে এই দৃশ্য ছবিখনৰ পৰা বাদ দিবলৈ দাবী জনাইছে অন্যথা এই দৃশ্য মুক্তি পালে চেন্সৰ ব’ৰ্ডৰ সদস্যক হত্যা কৰাৰ ভাবুকি প্ৰদান কৰে। যাৰ বাবে চেন্সৰ ব’ৰ্ডেও ছবিখনৰ মুক্তিৰ ক্ষেত্ৰত প্ৰমানপত্ৰ দিয়াৰ পৰা বিৰত থাকে।