৩৭১ বছৰীয়া পৰম্পৰাৰে আউনীআটী সত্ৰত কাতি বিহু উদযাপন

সমগ্র ৰাজ্যৰ লগতে মাজুলীতো উলহ-মালহেৰে উদযাপন কৰা হৈছে কাতি বিহু। মাজুলীত কাতি বিহুক শাৰদীয় মুখ্য উৎসৱ হিচাপে গণ্য কৰা হয় । ৰাসোৎসৱ, পালনামৰ দৰেই কাতি বিহু মুখ্য উৎসৱ মাজুলীৰ । কাতি বিহু উপলক্ষে মাজুলীৰ বিশেষ আকৰ্ষণ হৈছে আকাশ বন্তি ।

ঐতিহ্য-পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰ, দক্ষিণপাট সত্ৰ, গড়মূৰ সত্ৰত আকাশ বন্তি প্ৰজ্জ্বলন কৰা হয় । বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ঐতিহাসিক আউনীআটী সত্ৰত ৩৭১ বছৰীয়া পৰম্পৰাৰে কাতি বিহু উদযাপন কৰা হয় । সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা চলি অহা এই পৰম্পৰা ৰক্ষা কৰি সত্ৰৰ কীৰ্তন ঘৰৰ নিচেই কাষতে ২১ যোৰা আকাশ বন্তি প্ৰজ্জ্বলন কৰে । গোটেই কাতি মাহটোতে এই ২১ জোৰা আকাশ বন্তি প্ৰজ্জ্বলিত হৈ থাকিব মাজুলীত ।

মাজুলীৰ গাঁওসমূহৰ লগতে সত্ৰ অনুষ্ঠান সমূহতো পৰম্পৰা অটুট ৰাখি বিহু উদযাপন কৰে। কাতি বিহু দিনাই মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰৰ প্ৰতিষ্ঠা কালৰে পৰা ৩৭১ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱ সকলে আজি ২১ যোৰা বন্তি প্ৰজ্বলন কৰি সত্ৰখনৰ বৈষ্ণৱৰ লগতে বিশ্ববাসীৰ সুখ-শান্তিৰ কামনা কৰে।

সেই উদ্দেশ্যে আজি কাতি বিহুৰ দিনা পুৱা গোবিন্দ মহাপ্ৰভুৰ ওচৰত পূজা-অৰ্চনাৰ পিছতেই বৈৰাগী নাম, বৰনাম,ভাগৱত পাঠ, গায়ন-বায়ন, প্ৰসংগ, পালনাম প্ৰসংগ আদি পৰম্পৰাগত নাম-কীৰ্ত্তন অনুষ্ঠিত হয়। ইয়াৰ পিছতে বিয়লি সত্ৰখনৰ বৈষ্ণৱৰ সকলে হিয়ানাম, দিহা নাম, নটুৱা নৃত্য, ওজাপালিৰে নামঘৰৰ চৌপাশ মুখৰিত কৰি সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামী, ডেকা সত্ৰাধিকাৰৰ লগতে সত্ৰৰ বৈষ্ণৱ সকলে জয়ধ্বনি কৰি গায়ন-বায়ন, ঢোল-খোল, শংখ-ঘণ্টা,দবা-কাঁহ বজাই মূল নামঘৰৰ পৰা ওলাই আহি নামঘৰৰ সমীপৰ মুকলি আকাশৰ তলত বিশেষ ভাবে বাঁহৰ খুটাৰে নিৰ্মাণ কৰা আকাশ বন্তি থলিত প্ৰৱেশ কৰে।

  • Brahmaputra Times

    Related Posts

    টিংখাঙত কাতি বিহু পালন মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

    ডিজিটেল ডেস্কঃ বৃহত্তৰ টিংখাঙৰ কৃষিজীৱী ৰাইজৰ সহযোগত আৰু দিহিংচাং বহুমুখী সমবায় সমিতিৰ উদ্যোগত আয়োজিতৰ নখাট লেঙেৰী পথাৰত কাতি বিহুৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয়…

    দায়িত্ব অৰ্পনৰ পাছতে বিহালীত প্ৰচাৰ অভিযান পীযুষ হাজৰীকাৰ

    ডিজিটেল ডেস্কঃ   উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছতে তৎপৰ হৈ পৰিছে শাসকীয় দলৰ লগতে বিৰোধী কংগ্ৰেছ ৷ ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই। বিহালীৰ অন্তৰ্গত ৰাংচালি, তিনিসুতি আৰু হাতিবন্ধাত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    দ্বিতীয়বাৰ হাৰিয়ানাৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নয়াব সিং ছৈনীয়ে

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    ১০ অক্টোবৰত অৱসৰ ল’ব ডি ৱাই চন্দ্ৰচূড়ে…

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    সৰ্বানন্দ সোণোৱালসহ দেশৰ ৯ গৰাকীকৈ জ্যেষ্ঠ নেতাৰ পৰা আতৰিব এন এছ জিৰ নিৰাপত্তা

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?