অসমৰ লগতে দক্ষিণ ভাৰতৰ কেৰালাটো বলিছে উপ-নিৰ্বাচনৰ বতাহ। ৰাজ্যখনৰ তিনিটাকৈ সমষ্টিৰ উপ-নিৰ্বাচন বাবে সাজু হৈছে কেৰালা। কেৰালাৰ উপ-নিৰ্বাচনৰ দায়িত্ব প্ৰদান কৰা হৈছে এজন অসমীয়া আই এ এছ বিষয়াই ৷
দেশৰ নিৰ্বাচন আয়োগে ইতিমধ্যে কেৰালাৰ মুখ্য নিৰ্বাচনী বিষয়া পদত নিযুক্তি দিছে সুযোগ্য আই এ এছ বিষয়া প্ৰণৱজ্যোতি নাথক ৷ ২০০৫ বৰ্ষৰ কেৰালা কেডাৰৰ আই এ এছ বিষয়া প্ৰণৱজ্যোতি নাথে ইতিমধ্যে এই গুৰু দায়িত্ব চমজি লৈছে ৷ উল্লেখ্য যে কেৰালাৰ ৱায়নাড় লোকসভা সমষ্টিৰ উপৰিও আৰু দুটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷