বাংলাদেশত হিন্দুক নিৰ্যাতনক লৈ কোকৰাঝাৰত প্ৰতিবাদ…

বাংলাদেশত হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে আজি কোকৰাঝাৰত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে। লোক জাগৰণ মঞ্চৰ উদ্যোগত কোকৰাঝাৰ ডিএন হিম্মৎসিংকা বিদ্যালয়ৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী সমদলটোৱে সদৰ চহৰ পৰিভ্ৰমণ কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰতিবাদী সমদলৰ সামৰণি পেলায়।

বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি প্ৰতিবাদকাৰীসকলে হাতে হাতে সনাতনী পতাকা,বেনাৰ,ফেষ্টুন লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে সদৰ চহৰৰ পৰিৱেশ উত্তাল কৰি তোলে। সমদলৰ অন্তত অসম ৰাজ্যিক আৰএচএচৰ সহকাৰী সম্পাদক পৰিতোষ ঘোষ আৰু উত্তৰ অসম প্ৰান্ত বৌদ্ধিক প্ৰমুখ ৰথেন্দ্ৰ সিংহাই যোৱা ৫ আগষ্টৰ পৰা বাংলাদেশত সনাতনী হিন্দুৰ ওপৰত মৌলবাদীৰ দ্বাৰা যি হিংসা,হত্যা, অত্যাচাৰ, নিপীড়ন সংঘটিত হৈছে তাক গৰিহণা প্ৰকাশ কৰিছে।

বাংলাদেশত থকা সনাতনী হিন্দুৰ মানৱ অধিকাৰ,ধৰ্মীয় অধিকাৰ,সামাজিক অধিকাৰ,ৰাজনৈতিক অধিকাৰ,অৰ্থনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ আহ্বান জনাই অন্তৱৰ্তীকালিন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনিছক সকিয়াই দিয়ে।

তদুপৰি ইছলামিক জেহাদৰ বিৰুদ্ধে বিশ্ববাসীক একগোট হ’বলৈ আহ্বাই জনাইছে আৰএচএচৰ সহকাৰী সম্পাদক পৰিতোষ ঘোষ আৰু উত্তৰ অসম প্ৰান্ত বৌদ্ধিক প্ৰমুখ ৰথেন্দ্ৰ সিংহাই।সমদলৰ অন্তত জিলা আযুক্তৰ জৰিয়তে লোক জাগৰণ মঞ্চৰ কোকৰাঝাৰ জিলা সমিতিয়ে বাংলাদেশ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্ঠা অধ্যাপক মহম্মদ ইউনিছ লৈ এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

উল্লেখ্য যে সমদলৰ পূৰ্বে কোকৰাঝাৰ ডিএন হিম্মৎসিংকা বিদ্যালয়ৰ খেলপথাৰৰ লোক জাগৰণ মঞ্চই এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰে। প্ৰণিধানযোগ্য যে আজি ৰাষ্ট্ৰৰ প্ৰতিখন জিলা সদৰতে বাংলাদেশত হিন্দুসকলৰ ওপৰত হৈ থকা সাম্প্ৰদায়িক হিংসা, হত্যা, অত্যাচাৰ আৰু নিপীড়ণৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়িত হৈছে ।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে