লাহে লাহে উজনিৰ যুৱ প্ৰজন্ম হৈ আহিছে পংগু, প্ৰকৃত কাৰণ জানি আপুনি হ’ব হায়ৰাণ

লাহোৱালঃ উজনি অসমৰ পৰা মিঞা খেদি কৰ্ম-সংস্কৃতি গঢ়িব খুজিছে কেইবাটাও খিলঞ্জীয়া সংগঠনে৷ উজনিৰ জিলা কেইখনত মিঞা খেদি নিজেই কাম-কাজত ধৰিব খুজিছে খিলঞ্জীয়াই৷ মিঞা খেদা অভিযানৰ চৰ্চাৰ মাজতে আন এটা বিষয়েহে উজনিবাসীক চিন্তিত কৰিছে৷ সেয়া হৈছে নিষিদ্ধ লালী গুৰৰ পৰা তৈয়াৰ কৰা চুলাই মদ৷ নিষিদ্ধ লালীগুৰৰ পৰা তৈয়াৰ কৰা চুলাই মদে উজনিৰ জিলা কেইখনৰ এটা প্ৰজন্মক ধ্বংসৰ গৰাহলৈ নিছে৷ ইতিমধ্যে চুলাই সেৱন কৰি বহু যুৱক ৰোগাক্ৰান্ত হৈছে৷ বহু যুৱকে প্ৰাণ ত্যাগ কৰিছে৷ ২০১৯ চনত গোলঘাট আৰু যোৰহাট জিলাত ডেৰ শতাধিক চাহ শ্ৰমিকৰ মৃত্যু হৈছিল৷ বিষাক্ত চুলায়ে গোলাঘাট আৰু যোৰহাট জিলাত মৃত্যুৰ বিভীষিকা নমাই আনিছিল৷ তদানীন্তন চৰকাৰে ২০১৯ চনত তদন্ত ঘোষণা কৰিছিল যদিও সেই ঘটনাৰ দোষীয়ে শাস্তি নাপালে৷ চৰকাৰে সেই সময়ত বৰ বৰ কথা কৈ বিষাক্ত চুলাই মদ বন্ধ কৰিবলৈ নিৰ্দেশনা দিছিল যদিও সেয়া আজি ফুটুকাৰ ফেন হৈ পৰিল৷

আজিও নিতৌ ৰেল আৰু ট্ৰাকেৰে উজনিলৈ আহে লালীগুৰ৷ তিনিচুকীয়া, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাত নিতৌ কেইবা হাজাৰ কুইণ্টন লালীগুৰ বিক্ৰী হয়৷ তিনি জিলাৰ বিভিন্ন এলেকাত লালীগুৰ মজুত ৰখা গুদাম আছে৷ এই গুদামৰ পৰা খুচুৰা বিক্ৰেতাই গাঁও এলেকালৈ গুৰ কিনি নি মুক্তমনে বিক্ৰী কৰি আছে৷ সেই গুৰেৰে বিষাক্ত চুলাই তৈয়াৰ কৰা হয়৷ প্ৰকৃততে পশুৰ খাদ্য ৰূপে উজনিলৈ সৰবৰাহ কৰা হয় লালীগুৰ৷ কিন্তু যিমান গুৰ উজনিলৈ সৰবৰাহ কৰা হয় সেয়া আচৰিত হ’বলগীয়া৷ কিয়নো উজনিত পশুৰ ফাৰ্ম নাই বুলিয়েই ক’ব পাৰি৷ পশুৰ পৰিৱৰ্তে বিষাক্ত লালীগুৰ মানুহৰ পেটলৈ গৈ আছে৷ পশু খাদ্যৰ সৈতে সংমিশ্ৰণ ঘটাই গুৰৰ পৰা বিষাক্ত চুলাই প্ৰস্তুত কৰা হয়। আজিকালি চুলাইত ইউৰিয়া সাৰ আৰু বিশেষ এবিধ টেবলেট ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ সেই চুলাই নিতৌ কেইবা লক্ষ লোকে সেৱন কৰে৷ বহু পৰিয়ালে ঘৰতে চুলাই প্ৰস্তুত কৰি বটল আৰু পলিথিনত বিক্ৰী কৰে৷ বিশেষকৈ চাহ বাগানৰ শ্ৰমিকসকলে দৈনিক আৰু সাপ্তাহিক বজাৰত মুক্তমনে বিষাক্ত চুলাই সেৱন কৰি গৈছে৷

বাগানৰ বজাৰত চুলাই মদৰ বেহা চলি আহিছে। বাগানৰ শ্ৰমিকৰ লগতে বিভিন্ন সম্প্ৰদায়ৰ যুৱকে চুলাই মদ সেৱন কৰি আহিছে৷ দিনটোত বিভিন্ন কাম কৰি পোৱা টকাকেইটাৰে পৰিয়াল পোহপাল দিয়াৰ বিপৰীতে উজনিৰ বহু যুৱকে চুলাই মদ সেৱন কৰিহে ঘৰলৈ উভতে। প্ৰায় যুৱকেই নিয়মীয়াকৈ দেশী চুলাই সেৱন কৰাৰ ফলতে ধ্বংসৰ দিশে গতি কৰিছে৷ উজনি অসমত বহিৰাগত বণিয়াই এনেদৰেই যুৱ প্ৰজন্মক ধ্বংস কৰিছে। যুৱ প্ৰজন্মক শ্ল’-পইজন দিছে বণিয়াই৷ তথাপিও আবকাৰী বিভাগ, আৰক্ষী প্ৰশাসন, জাতীয় সংগঠন সকলো নিমাত৷ জানিব পৰা মতে, সময়ে সময়ে ৰেলৰ দবা ভৰ্তি কৰি ডিব্ৰুগড়লৈ লালীগুৰ সৰবৰাহ কৰা হয়৷ য’ত কেইবা হাজাৰ কুইণ্টল লালীগুৰ অনা হয়৷ খিলঞ্জীয়াৰ অধিকাৰৰ হকে মাত মতা জাতীয় দল-সংগঠনৰ কিন্তু বিষাক্ত চুলাই আৰু লালীগুৰক লৈ মুখ বন্ধ৷ অভিযোগ মতে, উজনিৰ কেইবাটাও সংগঠনে মাহেকত কমিচন লাভ কৰাৰ ফলতে মুখ বন্ধ কৰি ৰাখে৷ উজনিৰ যুৱ প্ৰজন্মক বৰবাদ কৰাৰ অভিসন্ধি ৰচনা কৰাৰ সময়তে মুখ বন্ধ কৰি ৰাখিছে জাতীয় সংগঠনে৷ বণিয়াই চুলাই খুৱাই জাতিক কৰ্মবিমুখ আৰু নিঃশেষ কৰাৰ কূটকৌশল ৰচনা কৰিছে। মাৰোৱাৰী, বিহাৰী আৰু বঙালী সম্প্ৰদায়ৰ লোক লালীগুৰৰ ব্যৱসায়ত জড়িত৷ ইপিনে বিলাতী সুৰাৰ দাম বৃদ্ধিৰ সুবিধা লৈ চুলাই মদ প্ৰস্তুতৰ বাবে নিষিদ্ধ লালীগুৰ উজনিত উভৈনদী কৰিছে অসমীয়া বিৰোধী দুষ্ট চক্ৰই। সপ্তাহত ডিব্ৰুগড় চহৰৰ মাজেৰে লানি নিচিগা ট্ৰাকেৰে সৰবৰাহ হয় কোটি কোটি টকাৰ অবৈধ লালীগুৰ। ডিব্ৰুগড়ৰ বাণীপুৰস্থিত ৰেল ষ্টেচনলৈ ৰেলেৰে কঢিয়াই অনাৰ পাছতে তিনি জিলাৰ বিভিন্ন প্ৰান্তলৈ অবৈধভাৱে সৰবৰাহ হয় লালীগুৰ। সাংবাদিকৰ কেমেৰাত বন্দী হৈছে ইখনৰ পাছত সিখন লালীগুৰ ভৰ্তি ট্ৰাক। ডিব্ৰুগড় চহৰৰ মাজেৰে বৰবিহ সৰবৰাহ হৈছে হৈ আছে যদিও চকু মুদি আছে আবকাৰী বিভাগ, আৰক্ষী প্ৰশাসন, জাতীয় সংগঠনে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে