আপুনি সতৰ্ক হ’বই লাগিব, পাকঘৰতে আছে কৰ্কট ৰোগৰ কাৰক

ডিজিটেল ডেস্ক: কৰ্কট ৰোগৰ ভয়াৱহতাৰ বিষয়ে হয়তো পুনক কোৱাৰ প্ৰয়োজন নাই। ক্ৰমান্বয়ে দ্ৰুতগতিত বৃদ্ধি পোৱা এই ৰোগ বিস্তাৰৰ মুখ্য কাৰণবোৰ হ’ল জীৱনশৈলী, প্ৰদূষণ আৰু পাকঘৰত ব্যৱহৃত সামগ্ৰী। হয়, পাকঘৰত থকা কেতবোৰ সামগ্ৰী কৰ্কট ৰোগৰ অন্যতম কাৰক। যদি আপোনাৰ জীৱনটো প্ৰিয়, তেন্তে তলত উল্লেখিত সামগ্ৰীবোৰ আজিয়েই পাকঘৰৰ পৰা বাহিৰ কৰক-

আল্ট্ৰা প্ৰচেছড ফুড

আজিকালি অধিকাংশ লোকেই পেকেটত থকা খাদ্য সামগ্ৰীবোৰ ফ্ৰীজত থৈ বহুদিনলৈ খাই থাকে। এই খাদ্যসমূহ অতি মাৰাত্মক। ইয়াৰ পৰিৱৰ্তে সতেজ ফল, পাচলি, মাংস-মুৰ্গী আৰু খাদ্যশস্য খাব। কিয়নো, এই পেকেটযুক্ত খাদ্যবোৰ সতেজ আৰু সুৰক্ষিত ৰাখিবলৈ বহু প্ৰকাৰৰ সংৰক্ষক যোগ দিয়া হয়, যিয়ে শৰীৰৰত বিভিন্ন গুৰুতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে।

নন-ষ্টিক কুকৱেৰ

নন-ষ্টিক কুকৱেৰৰ পৰিৱৰ্তে ৰান্ধিবৰ বাবে ষ্টীল, আইৰণ, চিৰামিক কুকৱেৰ, চেনী আৰু মাটিৰে তৈয়াৰী পাত্ৰ ব্যৱহাৰ কৰিব।

প্লাষ্টিকৰ পাত্ৰ

যদি আপুনি এতিয়াও প্লাষ্টিকৰ পাত্ৰত পাকঘৰৰ সামগ্ৰী সংৰক্ষণ কৰে, তেনেহ’লে এতিয়াৰে পৰা তাৰ সলনি গ্লাছ বা ষ্টেইনলেছ ষ্টীলৰ পাত্ৰ ব্যৱহাৰ কৰিব। কিয়নো এনে পাত্ৰত কোনো ধৰণৰ ৰাসায়নিক মিশ্ৰণ নাই।

ৰিফাইন তেল

যদি আপুনি ৰিফাইন বা পৰিশোধিত তেল ব্যৱহাৰ কৰি আছে, তেন্তে আপুনি কৰ্কট ৰোগক নিজেই মাতি আছে। অপৰিশোধিত তেল, জলফাই তেল, আভাকাডো তেল আদিবোৰহে স্বাস্থ্যসন্মত তেল।

প্লাষ্টিক চ’পাৰ

শাক-পাচলি কাটিবলৈ ব্যৱহাৰ কৰা চ’পিং বৰ্ডখন প্লাষ্টিকৰ সলনি কাঠ বা ষ্টীলৰ ব্যৱহাৰ কৰিব। এনে বৰ্ডবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা নহয় লগতে বহুদিনলৈ নষ্ট নোহোৱাকৈ থাকে।

 এলুমিনিয়াম ফইল

ৰন্ধা আৰু বেকিং কৰাৰ বাবে পাৰ্চমেণ্ট কাগজ বা চিলিকন বেকিং মেট ব্যৱহাৰ কৰিব। এলুমিনিয়াম ফইলতকৈ এই বিকল্পবোৰ সুৰক্ষিত আৰু পুনৰ ব্যৱহাৰযোগ্য। আপুনি বাটাৰ পেপাৰো ব্যৱহাৰ কৰিব পাৰে।

প্লাষ্টিকৰ পানীৰ বটল

প্লাষ্টিকৰ বটলত থোৱা পানী খালে কৰ্কট ৰোগৰ আংশকা বৃদ্ধি কৰে।সেয়েহে সদায় প্লাষ্টিকৰ বটলৰ সলনি ষ্টীল গ্লাছ তামৰ বটল এটা ব্যৱহাৰ কৰক। ই পৰিৱেশৰ বাবেও সুৰক্ষিত।

সুগন্ধি মমবাতি

পাকঘৰত থকা মমবাতি যাতে সুগন্ধিযুক্ত নহয়, সেইটো মন কৰিব।সুগন্ধিযুক্ত মমবাতিত  ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ থাকে।

  • Brahmaputra Times

    Related Posts

    খাদ্য পেকিং কৰা প্লাষ্টিকৰ কন্টেইনাৰ কিমান স্বাস্থ্যকৰ!

    ব্যস্ততাৰে ভৰা এই জীৱনত বহুতে অৰ্ডাৰ কৰা খাদ্য গ্ৰহণ কৰে ৷ কিন্তু এনে খাদ্য স্বাস্থ্যৰ পক্ষে কিমান ক্ষতিকাৰক সেয়া জানিলে হয়তো আপুনি আচৰিত হ’ব ৷ কাৰণ খাদ্য পেকিং কৰিবলৈ ব্যৱহাৰ…

    পূজা চাবলৈ যাঁওতে বেগত ৰাখক এইসমূহ সামগ্ৰী…

    ডিজিটেল ডেস্কঃ  মহালয়াৰ পিচতে এতিয়া লাহে লাহে সমগ্ৰ অসমতে দুৰ্গা পূজাৰ বাবে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে ৷ পেণ্ডেলে পেণ্ডেলে সজাই তোলা হৈছে মহিষমৰ্দিনীৰ আকৰ্ষণীয় মূৰ্তিসমূহ ৷ পূজাৰ মণ্ডপ সমূহো…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক