অসমৰ বিৰোধী ঐক্যজোঁট অসম সন্মিলিত মৰ্চা চমুকৈ ‘অসম’ক পুনৰ জীৱিত কৰি গঠন কৰাৰ আশা প্ৰকাশ কৰিছিল ভূপেন বৰা আৰু গৌৰৱ গগৈয়ে৷ কালি কংগ্ৰেছৰ দুয়োগৰাকী নেতাই সংবাদ মাধ্যমৰ মুখামুখি হৈ অসমক মৰিব নিদি নতুনকৈ গঠন কৰাৰ লগতে বিহালীৰ চিপিআইএমএলৰ প্ৰাৰ্থীজনক লগ ধৰি প্ৰাৰ্তিত্ব প্ৰত্যাহাৰ কৰিবলৈ আবেদন জনাব বুলি কৈছিল ভূপেন বৰাই৷ তাৰ পাছতে এইবাৰ প্ৰত্যুত্তৰ দিছে বিৰোধীৰ অসমৰ সন্মিলিত মৰ্চাৰ অন্যতম দল অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যেতি গগৈয়ে৷ লুৰীণজ্যেতি গগৈয়ে কয় যে উপ-নিৰ্বাচনত ৫টা সমষ্টিৰ ভিতৰত এখন আসন বিচাৰিছিলে৷ ২০২৬ চনৰ নিৰ্বাচনলৈ মাত্ৰ ডেৰ বছৰ বাকী৷ এই সময়ছোৱাত ৫ আসনত নিৰ্বাচন অনুষ্ঠিত হোৱাত, এখন আসন এৰি দিব নোৱৰা দলটোৱে ২০২৬ চনৰ নিৰ্বাচনত কি দিব? ভূপেন বৰাই নিজেই অধ্যক্ষ আছিল৷ ভূপেন বৰাই দিব পাৰিব নে এইআইচিচিয়ে দিব পাৰিব৷ আনহাতে, বিৰোধীৰ বৈঠকৰ প্ৰসংগ টানি আনি লুৰীণে কয় যে যিখন সভা হৈছিল তাত ৫ জনীয়া সমিতি গঠন কৰাৰ সিদ্ধান্ত তেওঁলোকৰ আছিল৷ তেওঁলোকৰ সকলোৰে সিদ্ধান্ত আছিল৷ সভাত জীতেন্দ্ৰ সিং উপস্থিত আছিল৷ সেই সিদ্ধান্তকে কাৰ্যকৰী নকৰিলে৷ ইয়াৰ মূলতে হৈছে অহংকাৰ, মদগৰ্বী, অহমিকা৷ আমি একতা বিচাৰিছিলো৷ টিকট নিদি ঐকতাৰ কথা কোৱাটে দুখ লগা আৰু হাস্যকৰ৷ কংগ্ৰেছৰ ভোট বেংক আছে বুলি স্বাকীৰ কৰি লুৰীণে কয় যে কংগ্ৰেছৰ ৩৫ হাজাৰ, চিপিআইএমলৰ ১৫ হাজাৰ ভোট বেংক আছে৷ লগতে আন আন দলে লগলাগি এগৰাকী প্ৰাৰ্থীক জয়ী কৰিবলৈ চেষ্টা কৰিব লাগিছিল৷ সকলোৱে কয় গৌৰৱ গগৈৰ জনপ্ৰিয়তা বাঢ়িছে৷ আকৌ অখিল গগৈয়ে ধুবুৰী আৰু যোৰহাটত লাগি দিয়াৰ বাবে জিকিলে৷ এই নিৰ্বাচনতো সকলোৱে সৰ্বসন্মতিত যুঁজি জয় লাভ কৰিবলৈ চেষ্টা কৰিব লাগিছিল৷ কোনে কেইবাৰ হাৰিছে, কাৰ কিমান পইছা আছে সেই কথা কোৱাটো অতি অদূৰদৰ্শী৷ গণতন্ত্ৰণৰ প্ৰতি, মিত্ৰতাৰ প্ৰতি অপমান৷ আমি ভাবো কংগ্ৰেছে অহংকাৰৰ পৰা আতৰি আহক৷ এইটো বাস্তৱ যে একতাৰ যোগেদিহে বিজেপিৰ দৰে শক্তিত পৰাভূত কৰিব পৰা যাব বুলিও কয় লুৰীণে৷