অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় মঙলদৈবাসীৰ

ডিজিটেল ডেস্কঃ  আজি বিজয়া দশমী। অশ্ৰুসিক্ত নয়নেৰে মা দুৰ্গাক বিদায় দিলে ভক্তগণে। ৰাজ্য়ৰ প্ৰায়ভাগ ঠাইতে নদীত বিসৰ্জন দিয়ে দুৰ্গা দেৱীৰ মৃণ্ময় প্ৰতিমা । মহিলাসকলে পৰম্পৰাগতভাৱে খেলিলে সেন্দুৰ । লগে লগে ম্লান পৰিল পূজা মণ্ডপ ।ৰাজ্য়ৰ আন ঠাইৰ লগতে মঙলদৈতো পালন কৰা হয় বিজয়া দশমী ।

নৱৰাত্ৰিৰ প্রথম দিনটোতে ধৰালৈ নামি আহিছিল দুৰ্গতিনাশিনী মা দুৰ্গা । এইবেলি আছিল দেৱীৰ দোলাত আগমন । দৰং জিলাত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি জিলা প্রশাসনে সতৰ্কতা অৱলম্বন কৰে । দেওবাৰে মঙলদৈত ১০০খন দুৰ্গা পূজাৰ প্রতিমা বিসৰ্জন দিয়া হয় মঙলদৈ নদীত । দৰং জিলা প্রশাসনৰ সহযোগত এই বিসৰ্জন কাৰ্য সম্পন্ন কৰা হয় ।

জিলাখনৰ তিনিটা স্থানত বিসৰ্জন দিয়ে এই মৃণ্ময় মূৰ্তিসমূহ । দৰঙৰ খাৰুপেটীয়াৰ টাঙনী নৈ আৰু মঙলদৈৰ প্ৰতিমাসমূহ মঙলদৈ নৈত বিসৰ্জন দিয়া হয় । ইপিনে, ছিপাঝাৰতো বিসৰ্জন দিয়া হয় প্ৰতিমা । মঙলদৈত হাজাৰ হাজাৰ ভক্তই বিসৰ্জনস্থলীত ভিৰ কৰে । সেয়েহে ইয়াৰ পূৰ্বেই বহু সংখ্য়ক আৰক্ষীৰ লগতে চিআৰপি মোতায়েন কৰা হয় । মঙলদৈ নদীত বিসৰ্জন দিয়া হৈছে মঙলদৈৰ পূজাৰ প্ৰতিমাসমূহ। দিনৰ ১১ বজাৰ পৰা নিশা ৯ বজালৈ বিসৰ্জনৰ সময় বান্ধি দিয়ে প্ৰশাসনে ।

ইপিনে,মঙলদৈ বিসৰ্জন ঘাটৰ কাষতে নিৰ্মাণ কৰা হয় ১০০ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিকৃতি । আবেলি ৰাৱণ দাহ প্ৰত্য়ক্ষ কৰিবলৈ হাজাৰ হাজাৰ লোকে ভিৰ কৰে । দৰঙৰ আয়ুক্ত পৰাগ কুমাৰ কাকতি নিজে বিসৰ্জন ঘাটত উপস্থিত থাকি মূৰ্তি বিসৰ্জন পৰিদৰ্শন কৰে ।

  • Brahmaputra Times

    Related Posts

    নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা

    ডিজিটেল ডেস্কঃ  সোমবাৰে অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰখনৰ বটবৃক্ষ স্বৰূপ মহান শিল্পী, সাহস, অনুপ্ৰেৰণাৰ প্ৰতীক পদ্মশ্ৰী, নৃত্যাচাৰ্য যতীন গোস্বামীক ‘বংশধৰ’ এ ট্ৰেডিচনেল কাল্‌চাৰেল ফাউণ্ডেচন অব আছামৰ ‘নটবৰ ৰত্ন’ বঁটা প্ৰদান কৰে।…

    চূণচালিত দুদিনীয়াকৈ দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন

    ডিজিটেল ডেস্কঃ ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱীক বিজয়া দশমীত বিসৰ্জন দিয়াৰ পাছত অন্ত পৰিল শাৰদীয় দুৰ্গা পূজাৰ আনন্দ-উল্লাস । মহানগৰীৰ ভিন্ন প্ৰান্তত থকা ঘাটসমূহৰ লগতে নুনমাটি উজান বজাৰ সংযোগী পথৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক