৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোক লৈ শোক প্ৰকাশ কৰে আৰু দৃঢ়তাৰে কয় যে অপৰাধীসকলক ৰেহাই দিয়া নহ’ব।

অপৰাধীক শাস্তি নিদিয়ালৈ চৰকাৰ বহি নাথাকে । তেওঁ কয় যে ৩ গৰাকী মহিলা আৰু ৩ টা শিশুৰ হত্যাকাৰীক বিচাৰি অনুসন্ধান চলি আছে। মুখ্যমন্ত্ৰী সিঙে বুধবাৰে নিশা এক্সত শ্বেয়াৰ কৰা এটা ভিডিঅ’ বাৰ্তাত কয়, “জিৰিবামত বন্দী অৱস্থাত কুকি সন্ত্ৰাসবাদীৰ দ্বাৰা ৩ টা নিৰীহ শিশু আৰু ৩ গৰাকী নিৰীহ মহিলাৰ ভয়ংকৰ হত্যাকাণ্ডক গৰিহণা দিছো ।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “এনে বৰ্বৰ আক্ৰমণে সভ্য সমাজত কোনো স্থান নাপায় । মই আপোনালোকক আশ্বাস দিছো যে এই উগ্ৰপন্থীসকলক বিচাৰি অভিযান বৰ্তমান চলি আছে আৰু তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ত কৰি শাস্তি প্ৰদান কৰা হ’ব । অমানৱীয় কাৰ্যৰ বাবে তেওঁলোকক শাস্তি প্ৰদান নকৰালৈ আমি ক্ষান্ত নহওঁ ।”

উল্লেখ্য যে উগ্ৰপন্থী আৰু নিৰাপত্তা বাহিনীৰ মাজত হোৱা সংঘৰ্ষৰ পিছত জিৰিবামৰ এটা শিবিৰৰ পৰা ১১ নৱেম্বৰৰ পৰা এই ৬ গৰাকী লোক সন্ধানহীন হৈ আছিল । ইফালে সিঙে জিৰিবামত দ্ৰুত পদক্ষেপৰ বাবে চিআৰপিএফকো ধন্যবাদ জ্ঞাপন কৰে আৰু দৃঢ়তাৰে কয় যে তেওঁলোকৰ কৰ্তব্যৰ প্ৰতি থকা প্ৰতিশ্ৰুতিয়ে জিৰিবামৰ বড়োবেক্ৰাত আশ্ৰয় শিবিৰত বাস কৰা শ শ লোকৰ জীৱন ৰক্ষা পৰিছে ।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে