মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ

অগ্নিগৰ্ভা মণিপুৰত বিগত এটা সপ্তাহত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিশেষকৈ মণিপুৰৰ জিৰিবাম অঞ্চলত সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৰ্তমান ৰাজ্যখনত থকা নিৰাপত্তা বাহিনীক সহায় কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ (চি এ পি এফ) 20 টা অতিৰিক্ত কোম্পানী মণিপুৰলৈ ততালিকে প্ৰেৰণৰ সিদ্ধান্ত লৈছে ।

সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ বাবে চি আৰ পি এফৰ ১৫ টা কোম্পানী আৰু বি এছ এফৰ পাঁচটা কোম্পানীক ততাতৈয়াকৈ মণিপুৰলৈ প্ৰেৰণ কৰিবলৈ অনুমোদন জনাইছে । ৰাজ্যখনত চি এ পি এফৰ এই অতিৰিক্ত 20 টা কোম্পানীৰ সৈতে বৰ্তমান মণিপুৰত মুঠ 218 টা কেন্দ্ৰীয় বাহিনীৰ কোম্পানী মোতায়েন কৰা হ’ব ।

ইফালে জিলা প্ৰশাসনৰ কাৰ্ফিউ আৰু বিভিন্ন জনজাতীয় সংগঠনৰ বন্ধৰ আহ্বানৰ মাজতে বুধবাৰে পুৱা সন্দেহযুক্ত দুৰ্বৃত্তই জাতিগত হিংসাত জৰ্জৰিত ৰাজ্যখনলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া দুখন ট্ৰাকত অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা মণিপুৰৰ জিৰিবাম জিলাত নতুনকৈ হিংসাত্মক ঘটনা আৰম্ভ হয় । উক্তদিনা সশস্ত্ৰ দুৰ্বৃত্তই এখন গাঁৱত কমেও দহটা ঘৰত অগ্নিসংযোগ কৰে আৰু এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়ে । আনহাতে, শনিবাৰে ইয়াৰ প্ৰত্যাক্ৰমণত বিষ্ণুপুৰৰ এখন গাঁৱত সশস্ত্ৰ দুৰ্বৃত্তই আন এগৰাকী মহিলাক হত্যা কৰে ।

  • Brahmaputra Times

    Related Posts

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    বিগত সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল। সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    ২০ নবেম্বৰ ২০২৪ত অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। পুৱা ৭-০০ বজাৰ পৰা সন্ধিয়া ৬-০০ বজালৈকে চলিব ভোটগ্ৰহণ। ৰাজ্যখনত ২৮৮খন আসনৰ বাবে অনুষ্ঠিত হ’ব এই নিৰ্বাচন। ইয়াৰে ২৯খন আসন অনুসূচিত জাতিৰ বাবে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    ৬ নিৰীহৰ হত্যাকাৰীয়ে শীঘ্ৰে শাস্তি পাব:মুখ্যমন্ত্ৰী এন বীৰেন সিং

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    নিৰ্বাচনৰ বাবে সাজু মহাৰাষ্ট্ৰ-ঝাৰখণ্ড…

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    দিল্লীৰ প্ৰদূষণ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল শুনানিৰ অনুমতি মুখ্য ন্যায়াধীশৰ

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    মহাৰাষ্ট্ৰৰ ২৮৮, ঝাৰখণ্ডৰ ৩৮ আসনত আজি অন্তিম পৰ্যায়ৰ ভোট

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    কৰিমগঞ্জক ‘শ্ৰীভূমি জিলা’ হিচাপে নামকৰণ…

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা

    অগ্নিগৰ্ভা মণিপুৰ, ১৩ মন্ত্ৰী-বিধায়কৰ আৱাসত আক্ৰমণ, সান্ধ্য আইন জাৰি, কৰ্তন ইণ্টাৰনেট সেৱা