নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে, নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ: মীৰা বৰঠাকুৰ

“মুখ্যমন্ত্ৰীয়ে নিৰ্বাচন বিধি উলংঘা কৰা নাইনে ? নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে ? নে মুখ্যমন্ত্ৰী নিজেই নিৰ্বাচন আয়োগ ?” – এই প্ৰশ্ন প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ । ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া উপনিৰ্বাচনক কেন্দ্ৰ কৰি এই প্ৰশ্নৰ অৱতাৰণা কৰিছে কংগ্ৰেছ নেত্রীগৰাকীয়ে ।

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, “মুখ্যমন্ত্রীয়ে দলীয় প্ৰাৰ্থীক মঞ্চত উঠাই বিভিন্ন প্ৰতিশ্ৰুতি দিছে । যিটো নিৰ্বাচনী বিধি উলংঘা । সমষ্টিসমূহত মুখ্যমন্ত্রীয়ে প্ৰতিশ্ৰুতিৰ বন্য বোৱাইছে । নিৰ্বাচন আয়োগৰ কিবা কাম আছে নে নাই । নে হিমন্ত বিশ্ব শৰ্মা নিজেই নিৰ্বাচন আয়োগ । হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্রী নে অসমৰ মুগেমবু, অসমৰ চৰদাৰ ।”

তেওঁ লগতে কয়, “ধাৰৰ ওপৰত ধাৰ লোৱা মুখ্যমন্ত্রীয়ে সকলো কথাতে মই কৰিম, মই কৰিম কয় । আজিৰ সময়ত গৰ্ভত থকা সন্তানটিয়েও ৪২ হাজাৰ টকাৰ ঋণৰ বোজা লৈ থাকিবলগীয়া অৱস্থা হৈছে । হিমন্ত বিশ্ব শৰ্মাক এটা কথা কৈছো যে ৰি’পৰ্ট কাৰ্ড দেখুৱাই নিৰ্বাচন জয়ী হওক । গুণ্ডাগিৰি লগাই, মানুহৰ গাড়ী ভঙাই, মানুহক মিছা প্ৰতিশ্ৰুতি দি নহয় । ৫ লাখ চাকৰি দিম বুলি প্ৰতিশ্ৰুতি দি কৈছিল । এতিয়া ১৬ হাজাৰ চাকৰিৰ বাবে ৩২ লাখ নিবনুৱাই পৰীক্ষা দিবলগীয়া হৈছে । ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিম বুলি কৈ স্মাৰ্ট মিটাৰ লগাই মানুহক মাধমাৰ শোধাইছে ।”

মুখ্যমন্ত্রীয়ে সাংসদ ৰকিবুল হুছেইনে চাকৰি দিয়াৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰত্যুত্তৰত তেওঁ কয়, “ৰকিবুল হুছেইনে চাকৰি দিয়াৰ কথাটোক লৈ মুখ্যমন্ত্রীয়ে গোচৰ তৰাৰ কথা কৈছে । মই মুখ্যমন্ত্রীক সুধিব বিচাৰিছো যে এছ আই কেলেংকাৰীত যি অৱস্থা হৈছিল পাহৰি গ’ল নেকি । আমি কিন্তু পাহৰা নাই । ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ লগত জড়িত চাকৰিৰ যিখন বজাৰ চলিছিল তাত যিসকলক কৰায়ত্ত কৰিছিল তেওঁলোকে কৈছিল যে আমি ২.৫-৩ লাখ টকাকৈ লৈছিলো যদিও ৫০ হাজাৰ পাইছিলো আৰু মোটা অংশ ওপৰ মহললৈ গৈছিল । ওপৰ মহলক ধৰা নহ’ল । সেই কথাবোৰ আমি পাহৰা নাই ।”

“ক’ভিডৰ সময়ত পি পি ই কিটক লৈ চলা কেলেংকাৰীৰ কোনো হিচাপ নহ’ব নেকি । ১৮ টকাৰ ছেনিটাইজাৰ ১০০ টকাত বিক্ৰী কৰাৰ কেলেংকাৰী পাহৰি গ’ল নেকি । ভূতৰ মুখত ৰাম নাম । আপুনি নীতি-বচন দিলে শোভা নাপাই । আপুনি কেলেংকাৰীত নিমজ্জিত এজন ব্যক্তি । মুখ্যমন্ত্রীয়ে দুৰ্নীতি-কেলেংকাৰী আদিৰ পৰা নিজকে নিকা কৰি বেলেগলৈ আঙুলি টোৱাটো ভাল ।” মহিলা কংগ্ৰেছৰ সভানেত্রীগৰাকীয়ে কয় ৷

মুখ্যমন্ত্রীক প্ৰশ্ন কৰি তেওঁ কয়, “আপুনি অসমত সুস্থ ৰাজনৈতিক পৰিৱেশ বৰ্তাই ৰাখিব পাৰিছে নে । মুখ্যমন্ত্রীয়ে হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে, মিছা কথাবোৰ প্ৰচাৰ কৰাৰ পৰিৱৰ্তে সঁচা কথা কওক । আনহাতে নিৰ্বাচন আয়োগে নিজৰ দায়িত্ব পালন কৰক । মুখ্যমন্ত্রীয়ে সুস্থভাৱে ৰি’পৰ্ট কাৰ্ড দেখুৱাই ভোট বিচাৰক ।”

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে