গুৱাহাটীঃ শোণিতপুৰ জিলাৰ টৌভঙা ন-দুৱাৰত আজি কংগ্ৰেছৰ এখন সভা অনুষ্ঠিত হয়। এই সভাত উপস্থিত থাকি অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে অংশ লৈ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে। তৰুলতা দাস গোৱালাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মীৰা বৰঠাকুৰ গোস্বামীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক সমালোচনা কৰে। মীৰা বৰঠাকুৰ গোস্বামীয়ে কয় যে ড০ হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া ৰাজভোগৰ দিন উকলি আহিছে৷ অবাধ দুৰ্নীতি লিপ্ত হোৱাৰ বাবেই ২০২৬ত কংগ্ৰেছৰ চৰকাৰ গঠন হ’ব৷ অসমবাসীয়ে শাসনৰ বাঘজৰী কংগ্ৰেছক দিব। অসমত দৈনিক ৪-৫গৰাকীকৈ মহিলা ধৰ্ষিতা হয়। নাৰীক ন্যায় দিব নোৱাৰি কৰিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে৷ খালী হোৱা ১৬ হাজাৰ পদৰ বাবে ৩৬ লাখ নিবনুৱাই আবেদন কৰাত প্ৰশ্ন উত্থাপন কৰি মীৰাই কয় যে অসমৰ উন্নতি কেনেদৰে হ’ল। কিন্তু উন্নতি হৈছে হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ। পত্নীৰ নামত গোগ্ৰাসে সম্পত্তি গিলিছে৷ সম্পত্তি গোটাই লৈ বিধানসভাত ভূমি বিষয়ত মুখ্যমন্ত্ৰীয়ে বিল আনিছে মীৰা বৰঠাকুৰে৷
জনতা ভৱনত ধৰা পৰা খকুৱা পাৰ্থৰ ঘৰত টকাৰ উজান, উদ্ধাৰ হ’ল ৪৭ লাখ
ডিজিটেল ডেস্কঃ এইবাৰ অসম চৰকাৰৰ বৰঘৰতে হাত দাঙিলে এজন আবকাৰী বিষয়াই ৷ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা ৷…