১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ আবেদন গ্রহণ কৰা হ’ব । মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে গুৱাহাটীৰ বঞ্চিত ৪৮ হেজাৰ আবেদনকাৰীয়ে পট্টা পাবনে ? তাকে লৈ ব্যাপক চৰ্চা চলিছে ।

বসুন্ধৰা ৩.০ ৰ জৰিয়তে বঞ্চিতসকলে পুনৰ আবেদন কৰিলে কম প্রিমিয়ামসহ মাটিৰ পট্টা পাবনে নাপায় তাকে লৈ গুৱাহাটীৰ পাহাৰীয়া অঞ্চলৰ লগতে অন্যান্য অঞ্চলত আলোচনা-বিলোচনা চলিছে । উল্লেখ্য যে বসুন্ধৰা ১.০ আৰু বসুন্ধৰা ২.০ৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছত গুৱাহাটী মহানগৰীৰো ভূমিহীন লোকে পট্টা বিচাৰি আবেদন কৰিছিল । গুৱাহাটী চহৰত মাটি ম্যাদীকৰণৰ বাবে মিছন বসুন্ধৰাত মুঠ ৪৮,৬৮৯ জন আবেদনকাৰীয়ে আবেদন কৰিছিল । এই আবেদনসমূহৰ ভিতৰত ১,০৬৭ খনহে আবেদন ৰাজহ বিভাগে গ্রহণ কৰিছিল ।

মুঠতে সাধাৰণ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ পট্টন বিচাৰি ৪৪,৪১২ খন আবেদন দাখিল কৰা হৈছিল । বাকী আবেদন বিভিন্ন শ্ৰেণীৰ মাটিৰ পট্টা বিচাৰি কৰা আবেদন আছিল । ইয়াৰে অধিকাংশ আবেদন ৰাজহ বিভাগে নাকচ কৰিছিল । যি ১,০৬৭ খন আবেদন গৃহীত, তাৰো প্রিমিয়াম বহু বেছি হোৱাত বহু লোক পট্টাৰ পৰা বঞ্চিত হৈছে ।

উল্লেখ্য যে বসুন্ধৰা ১.০ আৰু বসুন্ধৰা ২.০ৰ প্ৰক্ৰিয়াত গুৱাহাটীত একঠা মাটিত ঘৰ থাকিলে ৪০-৫০ লাখ টকা পর্যন্ত প্রিমিয়াম ধাৰ্য কৰা হৈছিল । ঘৰ নথকা মাটিৰো প্রিমিয়াম অধিক হোৱাত আবেদন গৃহীত হোৱাসকল বঞ্চিত হৈছে । ইয়াকে কেন্দ্ৰ কৰি গুৱাহাটীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত অৱশেষত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্রিমিয়াম হ্ৰাস কৰাৰ আশ্বাস দিয়ে ।

কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে গুৱাহাটী মহানগৰীৰ দৰে নগৰ অঞ্চলত মিছন বসুন্ধৰা ২.০ত উপকৃত হোৱা সত্ত্বেও উচ্চ ভূমি প্ৰিমিয়ামৰ বাবে চৰকাৰে বহুতকে বন্দোৱস্তি কৰি দিয়াৰ পিছতো তেওঁলোকে প্ৰিমিয়াম দিব পৰা নাই ৷ এইক্ষেত্ৰত চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিব ৷

উল্লেখ্য যে গুৱাহাটীত ভূমি আৱণ্টন দিয়াৰ ক্ষেত্ৰত ৩ লাখ টকাৰ প্ৰিমিয়াম দিব লাগে ৷ কিন্তু ৩ লাখ টকাৰ প্ৰিমিয়াম দিয়াৰ পৰিৱেশ সকলোৰে নাথাকে ৷ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চৰকাৰে ৩০ হাজাৰ টকা প্ৰিমিয়ামতে মাটি বন্দোৱস্তি কৰি দিব ৷ কিন্তু চৰ্ত থাকিব, যেতিয়া তেওঁলোকে কেতিয়াবা এই মাটি বিক্ৰী কৰিব তেতিয়া বাকী ২.৭০ লাখ টকাৰ চৰকাৰক ঘূৰাই দিব লাগিব ৷ এয়া এক প্ৰকাৰ বিলম্বিত প্ৰিমিয়াম আদায় । ইয়াৰ ফলত আৰু এটা লাভ হ’ব ৷ তেতিয়া সহজতে মানুহে এই মাটি বিক্ৰী নকৰিব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

আনহাতে, মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্রিমিয়াম হ্ৰাস কৰাৰ আশ্বাস দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি আৰু গুৱাহাটী মাটি পট্টাকৰণ সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰবীণজ্যোতি কলিতাই কয়, “মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্রিমিয়াম হ্ৰাস কৰাৰ যি আশ্বাস দিছে সেয়া কাগজে-কলমে কাৰ্যকৰী হোৱা নাই । চৰকাৰে মুখেৰে এইবোৰ কথা কৈ আছে যদিও চৰকাৰীভাবে কোনো লিখিত সিদ্ধান্ত হোৱা নাই । এই ক্ষেত্ৰত সন্দেহ আছে । চৰকাৰে এই সিদ্ধান্ত ৰাজহুৱা কৰিব লাগে ।”

ইফালে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে গুৱাহাটীৰ যিসকলৰ আবেদন পূৰ্বতে নাকচ হৈছিল সেইসকলৰ আবেদন পুনৰ পৰীক্ষা কৰা হ’ব । পৰীক্ষাৰ অন্তত মাটি পট্টনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব । শৰণীয়াই কয় যে পূৰ্বতকৈ এইবাৰ প্রিমিয়াম হ্ৰাস হ’ব । পূৰ্বে ধাৰ্য কৰা ৩০ শতাংশ প্ৰিমিয়ামৰ ঠাইত ১০ শতাংশ কৰা হ’ব । এই ক্ষেত্ৰত অৱশ্যে চৰকাৰে চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা নাই ।

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে