আজিৰ পৰা নেহৰুবালিৰ কলঙৰ বাকৰিত ‘নগাওঁ গ্ৰন্থমেলা-২০২৪’

নগাঁৱৰ নেহৰুবালিৰ কলঙৰ বাকৰিত ১৭ ডিচেম্বৰৰ পৰা নগাঁও গ্ৰন্থমেলা- ২০২৪। কিৰণ শংকৰ, ননী গোহাঁই বৰুৱা, কৃষ্ণকান্ত হাজৰিকা শ্ৰদ্ধাৰ্ঘ ক্ষেত্ৰত ২৫ ডিচেম্বৰলৈকে চলিব এই গ্ৰন্থমেলাখনি ।

১৭ ডিচেম্বৰৰ পুৱা ৯-৩০ বজাত গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি, বিধায়ক ৰূপক শৰ্মাই পতাকা উত্তোলন কৰাৰ লগে লগে গ্ৰন্থমেলাৰ কাৰ্যসূচীৰ পাতনি মেলা হ’ব। দিনৰ ১ বজাত উদ্বোধনী অনুষ্ঠান।

উদ্বোধক হিচাপে উপস্থিত থাকিব বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্ত। উদ্বোধনী সভাত অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা মুখ্য অতিথি হিচাপে, বিশিষ্ট অতিথি হিচাপে আবকাৰী, পৰিবহণ আদি বিভাগৰ মন্ত্ৰী কেশব মহন্ত উপস্থিত থাকিব।

ইয়াৰ বাহিৰেও সাংসদ প্ৰদ্যুৎ বৰদলৈ,মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্ত, ড০ নৰেন কলিতা, ড০ তিলক চন্দ্ৰ মজুমদাৰ, উপেন্দ্ৰ বৰকটকী, আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা উপস্থিত থাকিব। সন্ধ্যা ৫ বজাত বিশিষ্ট সাহিত্যিক অৰূপ কুমাৰ দত্তৰ সৈতে মুকলি মুখামুখি অনুষ্ঠান অনুষ্ঠিত হ’ব।

১৮ ডিচেম্বৰৰ পুৱা ১০ বজাত ৰনাংগন প্ৰকাশনৰ উদ্যোগত কবি সন্মিলন, ২ বজাৰ পৰা সুৰৰ পানচৈ শিল্পী সমাজৰ অনুষ্ঠান, সন্ধ্যা ৬ বজাত মুকলি কুইজ আৰু ৬-৩০ বজাৰ পৰা পুলকানন্দ কৌশিক সোঁৱৰণী নাট্যসন্ধ্যা অনুষ্ঠিত হ’ব। বিজিত নাথৰ ৰচনা আৰু পৰিচালনাৰ শিশুনাট “ ছাঁ “ মঞ্চস্হ কৰা হ’ব নাট্য সন্ধ্যাটিত ।

১৯ ডিচেম্বৰৰ পুৱা ১০ বজাত মহেশ শৰ্মা বৰঠাকুৰ সোৱঁৰণী সদৌ অসম ভিত্তিত প্ৰাইজমানী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২ বজাৰ পৰা পান্হতৰু সংৰক্ষনী অসমৰ পৰিৱেশ সজাগতামূলক আলোচনা চক্ৰ অনুষ্ঠিত হ’ব । সন্ধ্য ৬-৩০ বজাৰ পৰা শিল্পী আতিকুৰ ৰহমান সোৱঁৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ’ব।

২০ ডিচেম্বৰত পুৱা ১০ বজাত লেখিকা সমাৰোহ সমিতিৰ অনুষ্ঠান, ২ বজাত মুকলি কবি মেল, ৬ বজাত মুকলি কুইজ আৰু ৬-৩০ বজাৰ পৰা শিল্পী নন্দ বেনাৰ্জী সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ’ব। ২১ ডিচেম্বৰত “সাহিত্য তত্ব আৰু উত্তৰ মানৱতাবাদ “ শীৰ্ষক আলোচনা চক্ৰত মুখ্য আলোচক হিচাপে উপস্থিত থাকিব ড০ বিভাষ চৌধুৰী, ড০ দেৱভূষণ বৰা ।

সন্ধ্যা মুকলি কুইজৰ পিছতে বীৰেন্দ্ৰ নাথ দত্ত সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ’ব। ২২ডিচেম্বৰত শিশুৰ দিনৰ কাৰ্যসূচী উদ্বোধন কৰিব সাহিত্য অকাডেমী বঁটাপ্ৰাপ্ত বিশিষ্ট সাংবাদিক, সাহিত্য সমালোচক দিগন্ত ওজাই। বিয়লি ৩-৩০ বজাৰ পৰা লেখক, গীতিকাৰ ইদ্ৰিছ আলিৰ সৈতে মুখামুখি অনুষ্ঠান ।

২৩ ডিচেম্বৰত বিয়লি ২ বজাত শতবৰ্ষ শ্ৰদ্ধাৰ্ঘ নিবেদন বক্তৃতা অনুষ্ঠান। ”মহিম বৰা- স্ৰষ্টা আৰু সৃষ্টি” শীৰ্ষক বক্তৃতা আগবঢ়াব আলোচক প্ৰভাত বৰাই। মানবতাবাদৰ দৃষ্টিকোণেৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ উপন্যাসৰ ওপৰত ড০ আনন্দ বৰমুদৈয়ে, আধুনিক অসমৰ ইতিহাস অধ্যয়ন আৰু ড০ অমলেন্দু গুহ শীৰ্ষক বিষয়ত ড০ পৰমানন্দ মজুমদাৰে আলোচনা আগবঢ়াব ।

২৪ ডিচেম্বৰৰ পুৱা ১০ বজাত নগাঁও সাহিত্য সভাৰ অনুষ্ঠান। বিয়লি ২-৩০ বজাৰ পৰা নগঞা নিৰ্বাচিত লেখকৰ নেপথ্যৰ কথা শীৰ্ষক মুখামুখি অনুষ্ঠানত অংশ গ্ৰহণ কৰিব ডাঃ অপূৰ্ব শইকীয়া, ডাঃ প্ৰয়াগ শইকীয়া, প্ৰদীপ শইকীয়া, মনিকুন্তলা ভট্টাচাৰ্য, অনামিকা বৰা, অৰিন্দম বৰকটকী, অঞ্জলী মহন্তই। সন্ধ্যা মুকলি কুইজৰ পিছতে দশৰথ দাস সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত হ’ব।

  • Related Posts

    পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ ভূমি পূজন…

    ৰাজ্যৰ পথ যোগাযোগৰ ক্ষেত্ৰত এক নতুন মাত্রা সংযোজনেৰে দেওবাৰে পলাশবাৰী-শুৱালকুছি দলঙৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি উপলক্ষে আয়োজিত ভূমি-পূজন অনুষ্ঠানত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে । ৰাজ্যৰ পথ যোগাযোগৰ আন্তঃগাঁথনি…

    মই আজি নিজকে ধন্য মানিছো: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ

    দুদিনীয়া ভ্ৰমণ সূচীৰে নগাঁও জিলাত উপস্থিত হোৱা অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য্য বৃহস্পতিবাৰে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি দুপৰীয়া বটদ্ৰৱা থানত উপস্থিত হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানত পোন প্ৰথমবাৰৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ