আজি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসৰ নেতৃত্বত দীপজ্যোতি দাস, ক্ষীতিশ দাস, জয়ন্ত দাস, লক্ষ্মণ হীৰা, বিষ্ণু হাজৰিকা, ৰাজীৱ হাজৰিকা, প্লাৱিতা হাজৰিকাই নগাঁও জিলা আৰক্ষী অধীক্ষক সাক্ষাৎ কৰো৷ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদানৰ লগতে আৰক্ষী অধীক্ষকৰ জড়িয়তে আৰক্ষী সঞ্চালক প্ৰধান জি.পি সঙক স্মাৰক পত্ৰ প্ৰদান কৰিছে৷ স্মাৰক পত্ৰ যোগে সংগঠনটোৱে নগাঁও জিলাৰ ডাল-দৰিদ্ৰ অনুসূচিত জাতিৰ পৰিয়াল এটাক নিশাৰ অন্ধকাৰত হত্যাৰ প্ৰয়াস কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে৷ স্মাৰক পত্ৰত উল্লেখ কৰা মতে, ১ নৱেম্বৰৰ নিশা নগাঁও জিলাৰ আমতল ডিমৰুগুৰিৰ অনুসূচিত জাতিৰ ৭০ বছৰীয়া দুলু দাস আৰু ১৩ বছৰীয়া নাতিনীক দলবদ্ধ আক্ৰমণ কৰা হৈছিল। আইতাক আৰু নাতিনী নিশা জুপুৰী সদৃশ ঘৰত অকলে থকাৰ সময়ত বৰ্বৰভাৱে প্ৰহাৰ কৰি হত্যাৰ প্ৰয়াস কৰি ভূমি দখল কৰাৰ প্ৰয়াস কৰা হৈছিল৷ কিন্তু আৰক্ষীয়ে অপৰাধীক গ্ৰেপ্তাৰ নকৰি ৰক্ষণা-বেক্ষণ দিয়া বুলি কয় অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ এক বিবৃতিত সংগঠনটোৱে কয় যে ধনবল, বাহুবল আৰু আৰক্ষী-প্ৰশাসনৰ ছত্ৰছায়াত মত্ত অনুসূচিত জাতি বিৰোধী দুৰ্বৃত্তই এই কাণ্ড সংঘটিত কৰিছে৷ পৰিয়ালটো অনুসূচিত জাতিৰ হোৱাৰ বাবেই পৰিয়ালটোক হত্যা কৰাৰ প্ৰয়াস কৰি মূল্যৱান ভূমি দখলৰ প্ৰয়াস কৰা হৈছিল৷ এনে কাণ্ড অসমত প্ৰথমবাৰ সংঘটিত হোৱা নাই৷ বাৰে বাৰে এইখন অসমত এনে ঘটনা সংঘটিত হৈ আহিছে৷ অনুসূচিত জাতিৰ লোকক অস্পৃশ্য বুলি ভবা একাংশ লোকে বাৰে বাৰে অনুসূচিত জাতিৰ লোকক টাৰ্গেট কৰি লয়৷ শীঘ্ৰে অনুসূচিত জাতিৰ সৈতে সংঘটিত কৰা কাণ্ডৰ তদন্ত খৰটকীয়া কৰি দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে৷ অন্যথাই ভয়ংকৰ আন্দোলনৰ সন্মুখীন হ’ব লাগিব নগাঁও জিলা প্ৰশাসন৷ আৰক্ষী থানা ঘেৰাও, নগাঁও জিলা বন্ধ লোৱাৰ দৰে কাৰ্যসূচী ল’বলৈ বাধ্য হম৷ সংগঠনটোৱে উল্লেখ কৰা মতে, দুৰ্বৃত্তই মুখমণ্ডল আৰু শৰীৰৰ বিভিন্ন অংশত আঘাত কৰাত দুলু দাস হাস্পতালত ভৰ্তি হৈ আছে। ইতিমধ্যে পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিত ১০৬৩/২৪ নম্বৰত ন্যায় সংহিতাৰ ৩২৯(৪)/১১৭(২)/১০৯(১)/৩৫১(২)/৩(৫) ধাৰাত গোচৰ ৰুজু কৰা হৈছে৷ ১৩ বছৰীয়া নাতিনীক গণ ধৰ্ষণ কৰি ৰাস্তাত মৃতদেহ পেলাই থোৱাৰ ভাবুকি দি থৈ যায়৷ দুলু দাস আৰু নাতিনীক বৰ্বৰভাৱে প্ৰহাৰ কৰি তেওঁলোকে বসবাস কৰা থকা মাটিখিনি, ঘৰটো এৰি যাবলৈ ধমক দিয়ে। দৰিদ্ৰ পৰিয়ালটোৰ ভূমিখনি দখল কৰিবলৈ এই আক্ৰমণ কৰা হৈছে। ইটাচালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছিল যদিও অপৰাধী আজিও মুকলি আকাশৰ তলত। স্থানীয় আৰক্ষীৰ দ্বাৰা অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই। আৰক্ষীয়ে ভয়ংকৰ দুষ্কাৰ্য সংঘটিত কৰা অভিযুক্তসকলক ৰক্ষণা-বেক্ষণ দিছে৷ অনুসূচিত জাতিৰ পৰিয়ালক সুৰক্ষা দিয়াত আৰক্ষী ব্যৰ্থ হৈছে। দেখদেখকৈ আৰক্ষীয়ে ভূ-মাফিয়াক সুৰক্ষা দিছে। অনুসূচিত জাতিৰ পৰিয়ালক হত্যাৰ প্ৰয়াস কৰা তিনি মুখ্য অপৰাধী সুৰজিৎ দে, মৌচুমী মহন্ত, দীপাঞ্জলি দাসক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ প্ৰয়াস কৰিবলৈ দাবী উত্থাপন জনাইছে সংগঠনটোৱে। অন্যথাই জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হম বুলি কয়। সংগঠনটোৱে গুৰতৰ অভিযোগ উত্থাপন কৰি কয় যে অপৰাধী পক্ষক সুৰক্ষা দিয়াত অনুসূচিত জাতিৰ পৰিয়ালটো নিৰাপত্তাহীনতাত ভূগিছে৷ দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্যৰ সুৰক্ষা আৰু ভূমিখিনিৰ সুৰক্ষাৰ ব্যৱস্থা কৰক। কিয়নো দু্বৃত্তই পূৰ্বৰে পৰা বৃদ্ধা আৰু নাতিনীক মানসিক-শাৰীৰিকভাৱে নিৰ্যাতন চলাই আহিছে৷ শিলগুটি নিক্ষেপ, বৃদ্ধাৰ চৌহদত জাৱৰ পেলোৱা, জুপুৰীটোৰ বেৰ ভাঙি নিৰ্যাতন চলাই আহিছে৷ ঘাইপথৰ দাঁতিত মূল্যৱান ভূমিখিনি বিভিন্ন সময়ত বৃদ্ধাক ভূমিখিনি এৰি যাবলৈ ভাবুকি দি আহিছে৷ ঘটনাক লৈ নগাঁও জিলা আৰক্ষী অধীক্ষক আৰু আৰক্ষী সঞ্চালক প্ৰধানক গুৰুত্বসহকাৰে লৈ অপৰাধী সুৰজিৎ দে, মৌচুমী মহন্ত, দীপাঞ্জলি দাসক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰি পৰিয়ালটোক ন্যায় প্ৰদান কৰিবলৈ দাবী জনায়৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে অপৰাধী সুৰজিৎ দে, মৌচুমী মহন্ত, দীপাঞ্জলি দাসক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ কৰি ন্যায় সংহিতাৰ হত্যাৰ প্ৰয়াস, ভূমি দখল, অনুসূচিত জাতি/জনজাতিৰ অত্যাচাৰ প্ৰতিৰোধ আইন-১৯৮৯, মহিলা-শিশু সুৰক্ষা আইনৰ অধীনত জামিনবিহীন ধাৰাত গোচৰ ৰুজু কৰা হওক। নাতিনীক গণ ধৰ্ষণৰ ভাবুকিৰ বাবে যদি প্ৰযোজ্য হয় পকচ’ আইনৰ অধীনত গোচৰ ৰুজু কৰা হওক। তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ ব্যৱস্থা কৰি দৰিদ্ৰ পৰিয়ালটোক ন্যায় দিয়ক। সুৰজিৎ দে, মৌচুমী মহন্ত, দীপাঞ্জলি দাসে আক্ৰমণ সংঘটিত কৰিছিল৷ কিয়নো বৃদ্ধাগৰাকীয়ে জুপুৰী বান্ধি বসবাস কৰি থকা ভূমিখিনিৰ সমীপত আছে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠান৷ সেই ব্যৱসায় প্ৰতিষ্ঠান বঢ়োৱাৰ স্বাৰ্থত দুলু দাসৰ মাটিখিনি দখল কৰিবলৈ প্ৰয়াস কৰি আহিছে৷ বৃদ্ধা আৰু নাতিনীক নিতৌ মানসিক-শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা হয়৷