গুৱাহাটীৰ যুৱ নৃত্যশিল্পী নম্ৰতা দাসক নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড

কৈশোৰ-শৈশৱৰ পৰাই গীত-নৃত্যৰ সাধনা কৰি ডাঙৰ হোৱা গুৱাহাটীৰ লাচিত নগৰৰ যুৱ নৃত্যশিল্পী নম্ৰতা দাসে খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিভিন্ন মঞ্চত শাস্ত্রীয়, আধুনিক নৃত্য প্ৰদৰ্শন তথা প্ৰতিযোগিতাত অংশ লৈ উজ্বলি উঠা যুৱ নৃত্যশিল্পী নম্ৰতা দাসে তেওঁৰ কামৰ বাবে স্বীকৃতি লাভ কৰিছে৷ স্বীকৃতি প্ৰদান কৰিছে ইউ.এছ আৰ্ট গেলেৰীয়ে৷ গুৱাহাটীৰ লাচিত নগৰৰ কন্যা নম্ৰতাক ইউ.এছ আৰ্ট গেলেৰীয়ে অনুষ্ঠিত কৰা বঁটা প্ৰদান আৰু প্ৰদৰ্শনী অনুষ্ঠানত নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড-২০২৪ প্ৰদান কৰিছে৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৃত্যশিল্পী নম্ৰতাক এই সন্মান প্ৰদান কৰা হৈছে৷ লাচিত নগৰৰ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত নৃত্য শিল্পী গণেশ চন্দ্ৰ দাস আৰু কৰবি দাসৰ কন্যা নম্ৰতা দাস৷ পিতৃ-মাতৃৰ তত্বাৱধানত সৰুৰে পৰা নৃত্যৰ সাধনা কৰা নম্ৰতাই অতি কম সময়ৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে৷ ১৫ নৱেম্বৰত অসমত প্ৰথমবাৰ ইউ.এছ আৰ্ট গেলেৰীয়ে নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড-২০২৪ অনুষ্ঠিত কৰিছিল৷ দেশৰ বিভিন্ন প্ৰান্তৰ শিল্পীয়ে অংশগ্ৰহণ কৰা বঁটা প্ৰদান আৰু প্ৰদৰ্শনী নলবাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহ গৃহত অনুষ্ঠিত হয়৷ ইউ.এছ আৰ্ট গেলেৰীৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া উপাসনা শৰ্মাৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড প্ৰদান কৰা হয়৷ দেশৰ কেবাখনো ৰাজ্যৰ লগতে অসমৰ কেবাগৰাকী যুৱক-যুৱতীয়ে নিজ প্ৰতিভাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল শংকৰ ঘনশ্যাম দাস আন্দানি, নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা৷ সমগ্ৰ দেশৰ ১৫০গৰাকীতকৈ অধিক লোকে অংশ লৈছিল যদিও ৩১ প্ৰতিভাক বঁটাৰ বাবে বাছনি কৰা হয়৷ ইয়াৰ ভিতৰত অন্যতম আছিল নম্ৰতা দাস৷ নম্ৰতা দাসৰ নৃত্য প্ৰতিভাক ভূয়সী প্ৰশংসা কৰিছে অতিথিসকলে৷ নৃতকলাৰে জড়িত প্ৰতিভা চিনাক্ত কৰি উপযুক্ত মঞ্চ প্ৰদানৰ হেতুকে ইউ.এছ আৰ্ট গেলেৰীয়ে নেচনেল স্মাচিং টেলেণ্ট এৱাৰ্ড-২০২৪ অনুষ্ঠিত কৰা বুলি জানিবলৈ দিয়ে৷

  • Related Posts

    মন-কি-বাতত বিটিআৰৰ ক্ৰীড়াক্ষেত্ৰক প্ৰশংসা — হলিচৰণ, দুৰ্গা, অপূৰ্বৰ নাম প্ৰধানমন্ত্ৰীৰ মুখত

    আজিৰ মন-কি-বাতৰ ১২৩ সংখ্যক পৰ্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বডোলেণ্ড টেৰিটোৰিয়েল ৰিজিয়ন (BTR)-ৰ ক্ৰীড়াক্ষেত্ৰত হোৱা উত্তৰণক ঐক্য আৰু আশাৰ প্রতীক হিচাপে অভিহিত কৰি বডোলেণ্ড CEM কাপ-ৰ বিশেষভাৱে প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীয়ে…

    গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিৰ বিৰুদ্ধে দিছপুৰত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, এছআইটি গঠনৰ দাবী

    গৰুখুঁটি কৃষি প্ৰকল্পক কেন্দ্ৰ কৰি ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি আজি অসম প্ৰদেশ কংগ্ৰেছ দলে দিছপুৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ কৃষক কংগ্ৰেছ কমিটীৰ নেতৃত্বত আয়োজিত এই প্ৰতিবাদ কাৰ্যসূচীত…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে