প্ৰতিমাহত মাছমৰীয়াক ১৫ হাজাৰকৈ দিয়াৰ আহ্বান অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ

আগন্তুক তিনিমাহলৈ মৎস্য চিকাৰ নকৰিবলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৰা আহ্বানক আদৰণি জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ লগতে আগন্তুক তিনিমাহত অনুসূচিত জাতিৰ থলুৱা মৎস্যোপজীৱীসকলক প্ৰতিমাহে কমেও ১৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ মৎস্য চিকাৰ নিষিদ্ধ কৰা তিনিটামাহত যাতে মাছমৰীয়াসকলে পৰিয়াল চলোৱাত বিপদত নপৰে তাৰ বাবে এই তিনিমাহত এককালীন আৰ্থিক সাহায্য প্ৰদানৰ আহ্বান জনাইছে চৰকাৰক৷ তিনিমাহৰ বাবে প্ৰতিমাহত কমেও ১৫ হাজাৰ টকাকৈ এককালীন সাহায্য প্ৰদানৰ আহ্বান জনাইছে সংগঠনটোৱে৷ আজি সংগঠনটোৰ সভাপতি সঞ্জীৱ দাসে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক ন্যায়-সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি তিনিমাহৰ বাবে প্ৰতিটো মাহত ১৫ হাজাৰ টকাকৈ প্ৰতিজন অনুসূচিত জাতিৰ মাছমৰীয়াক এককালীন সাহায্য দিয়াৰ আহ্বান জনাইছে৷ মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু সামাজিক ন্যায়-সৱলীকৰণ বিভাগৰ মন্ত্ৰী হাজৰিকাক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰি সংগঠনটোৱে কয় যে মুখ্যমন্ত্ৰীয়ে ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ তিনিমাহকাল মৎস্য চিকাৰ নকৰিবলৈ মৎস্যোপজীৱীসকলক কৰা আহ্বানক আমি আদৰণি জনাইছো৷ ঘন জালেৰে মাছ নধৰিবলৈ কোৱা হৈছে। এয়া এক অতি গুৰুত্বপূৰ্ণ আহ্বান৷ এই আহ্বান অসমৰ সকলো ৰাইজক পালন কৰিবলৈ সংগঠনটোৱে অনুৰোধ জনাইছে৷ মুখ্যমন্ত্ৰীক উদ্দেশ্যে সংগঠনটোৱে কয় যে আজিও বহু অনুসূচিত জাতিৰ লোকে মৎস্য চিকাৰ কৰিয়েই জীৱন নিৰ্বাহ কৰি আহিছে৷ প্ৰতিখন চৰকাৰে ব’হাগৰ সময়ছোৱাত বৰষুণ আৰম্ভ হোৱাৰ পিছতে মৎস্য চিকাৰ নকৰিবলৈ মৎস্যোপজীৱীৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা দিয়ে৷ ফলত চৰকাৰৰ মীন বিভাগৰ লোক, প্ৰশাসন আৰু আৰক্ষীৰ সৈতে একাংশ মৎস্যোপজীৱীৰ মাজত সংঘাত হয়৷ তাৰ কাৰণ হৈছে আজিও বহু অনুসূচিত জাতিৰ লোকৰ উপাৰ্জনৰ অন্য সম্বল নাই৷ সেয়েহে মৎস্যোপজীৱীসকলেভাবে যে মৎস্য চিকাৰ নকৰিলে পৰিয়াল পোহপাল দিব নোৱাৰিম৷ সেয়েহে তিনিটা মাহ মৎস্যোপজীৱীসকলে যাতে হাতত জাল ল’বলগীয়া নহয় তাৰ বাবে চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ চৰকাৰে ৰাজ্য চৰকাৰে মীন বিভাগৰ জৰিয়তে এই তিনিটা মাহত ৰাজ্যৰ থলুৱা মাছমৰীয়াসকলক মাহেকত কমেও ১৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰক৷ এককালীন অৰ্থ সাহায্য দিলে মাছমৰীয়াসকলে কেতিয়াও সংঘাতত লিপ্ত হ’ব নালাগিব আৰু পৰিয়াল পোহপাল দিবলৈ মৎস্য চিকাৰ কৰিবলৈ যোৱাৰ প্ৰয়োজন নাথাকিব৷ দৰিদ্ৰ থলুৱা মৎস্যোপজীৱীসকলক কমেও ১৫ হাজাৰ টকাকৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ অনুৰোধ জনাই সংগঠনটোৰ সভাপতি দাসে এই আহ্বানৰ প্ৰতি চৰকাৰক বিবেচনা কৰিবলৈ কয়৷

  • Related Posts

    ৯ লাখৰো অধিক ভক্তৰ সমাগম, নিজম পৰিল নীলাচল

    বিশ্বৰ ৫১ খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা বিয়লি ২ বাজি ৫৬ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা পাঁচদিনীয়া অম্বুবাচী মহাযোগৰ বৃহস্পতিবাৰে পুৱতি নিশা ৩…

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ