এ আই ইউ ডি এফৰ পৰা নিলম্বন নিজামুদ্দিন চৌধুৰীক…

আলগাপুৰ বিধানসভা সমষ্টিৰ দলটোৰ বিধায়ক নিজামুদ্দিন চৌধুৰীক নিলম্বন কৰিছে এ আই ইউ ডি এফে ।সোমবাৰ (২ ডিচেম্বৰ)ৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰীকৰণ হোৱাকৈ এ আই ইউ ডি এফে দলবিৰোধী আৰু বিতৰ্কিত কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত ছবছৰৰ বাবে নিলম্বন কৰিছে বিধায়ক নিজামুদ্দিনক।

সোমবাৰে এ আই ইউ ডি এফৰ প্ৰশাসনীয় সাধাৰণ সম্পাদক তথা বিধায়ক হাফিজ বছিৰ আহমেদে এক পত্ৰযোগে নিজামুদ্দিন চৌধুৰীক দলৰ পৰা নিলম্বনৰ কথা ঘোষণা কৰে ৷ উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি আলগাপুৰৰ বিধায়কজনৰ নাম গৰু ছিণ্ডিকেট, বালি ছিণ্ডিকেট আদি অসামাজিক কামকাজৰ লগত সাঙোৰ খাই আহিছিল ।

ইয়াৰ উপৰিও বিভিন্ন সময়ত তেওঁ বিজেপি তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুকলিভাৱে সমৰ্থন জনাই আহিছিল ৷ যাৰ বাবে এ আই ইউ ডি এফ আৰু বদৰুদ্দিন আজমল অস্বস্তিত পৰিবলগীয়া হৈ আহিছিল ।বৰাকৰ আলগাপুৰ সমষ্টিৰ পৰা ২০১৬ চনত প্ৰথমবাৰৰ বাবে এ আই ইউ ডি এফৰ পৰা বিধায়কৰূপে নিজামুদ্দিন চৌধুৰী নিৰ্বাচিত হৈ আহিছিল বিধানসভালৈ ।

২০২১তো দলটোৰ পৰা আলগাপুৰৰ বিধায়ক হৈ দ্বিতীয়বাৰৰ বাবে বিধায়ক নিৰ্বাচিত হয় নিজামুদ্দিন চৌধুৰী ৷ তৃতীয়টো কাৰ্যকাল শেষ নহওতেই এ আই ইউ ডি এফৰ পৰা নিলম্বিত হ’বলগীয়া হ’ল বিধায়কজন।মাত্ৰ কেইদিনমান পূৰ্বে যোৱা ২৪ নৱেম্বৰত এ আই ইউ ডি এফে দলটোৰ হাইলাকান্দিৰ বিধায়ক জাকিৰ হুছেইন লস্কৰকো একেই দলবিৰোধী কাৰ্যকলাপৰ অভিযোগত দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল ।

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বদৰুদ্দিন আজমলৰ এ আই ইউ ডি এফে এসপ্তাহৰ ভিতৰতে দুজনকৈ বিধায়কক দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত নিলম্বিত কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ।

  • Brahmaputra Times

    Related Posts

    অসম চুক্তিৰ ৬নং দফাক সমৰ্থন জনাই আছুলৈ পত্ৰ বৰাকৰ খিলঞ্জীয়া সংগঠনৰ

    ডিজিটেল সংবাদঃ বৰাক উপত্যকাত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে বিভিন্ন খিলঞ্জীয়া সংগঠনে।বৰাক উপত্যকাৰ বিভিন্ন খিলঞ্জীয়া জনজাতি আৰু জনগোষ্ঠীয়ে অসম চুক্তিৰ ৬ নং দফাক পূৰ্ণ…

    উৎসৱৰ বতৰত উদণ্ড যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ সাজু ‘এণ্টি ৰোমিঅ’ স্কোৱাড’…

    ডিজিটেল ডেস্কঃ দুৰ্গা পূজাৰ সময়ত বৃদ্ধি পোৱা ৰোমিঅ’সকলক নিয়ন্ত্ৰণ কৰিবলৈ গঠন কৰা হৈছে এণ্টি ৰোমিঅ’ স্কোৱাড।শিলচৰ আৰক্ষীয়ে গঠন কৰিছে এই এণ্টি ৰোমিঅ’ স্কোৱাড। যুৱতী, মহিলাৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আৰু উদণ্ড যুৱকক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ হিমন্ত বিশ্ব শৰ্মাৰ…

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    গৌৰৱ গগৈক সংসদৰ প্ৰথম শাৰীত আসন প্ৰদানৰ নিৰ্দেশ

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    জ্যোতিৰাদিত্য সিন্ধিয়াক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ…

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ

    ৭৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ চিবিআইৰ প্ৰাক্তন সঞ্চালক বিজয় শংকৰৰ