
কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত চৰাবড়ীত আজি সংঘটিত হৈছে এক বিদ্যুৎস্পৃষ্টৰ ঘটনা। এই ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ লগতে এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা ব্যক্তিজন হৈছে হাজো আৰক্ষী থানাৰ অন্তৰ্গত চৰাবড়ী-বিলপাৰৰ জিয়াবুৰ ৰহমান(৬৫) আৰু গুৰুতৰভাৱে আহত মহিলা গৰাকী হৈছে একে গাঁৱৰে বেগম খাতুন(৩৫)।
ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, পুখুৰীত মাছধৰা চাবলৈ আহি জিয়াবুৰ ৰহমান আৰু বেগম খাতুনে পথৰ দাঁতিত থকা বাঁহ গছত ধৰে। তেনে সময়তে সংঘটিত হয় এই অবাঞ্চিত ঘটনাটো। কিয়নো সেই পথটোৰে পৰিবাহিত এঘাৰ হাজাৰ ভল্টেজৰ তাঁৰত লাগি আছিল বাঁহকেইডাল।
বিদ্যুৎস্পৃষ্টৰ ঘটনাৰ পিছতে ততাতৈয়াকৈ জিয়াবুৰ ৰহমান আৰু বেগম খাতুনক হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে জিয়াবুৰ ৰহমানৰ ইতিমধ্যে মৃত্যু হোৱা বুলি ঘোষণা কৰে আৰু গুৰুতৰভাৱে আহত বেগম খাতুনক উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।
ইফালে ঘটনাৰ পিছতে স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এনে ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে। স্থানীয় ৰাইজে এঘাৰ হাজাৰ ভল্টেজৰ পৰিবাহী তাৰ বাঁহগছত লাগি থকাৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰি থকাৰ পিছতো বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি ক্ষোভ প্ৰকাশ কৰিছে।