আজি আত্মসমৰ্পণ কৰে ONGC ৰ কৰ্মচাৰী অপহৰণৰ পৰিকল্পনা কৰা মাষ্টৰ মাইণ্ড তাহিৰুল হুছেইনে ৷ ১৩ দিনৰ অন্তত অপহৰণ কাণ্ডৰ পৰিকল্পনা কৰা তাহিৰুল হুছেইনে আত্মসমৰ্পণ কৰে। শিৱসাগৰ জিলা ন্যায়পালিকাত আত্মসমৰ্পণ কৰা তাহিৰুলক কাইলৈ জিম্মাত বিচাৰিব আৰক্ষীয়ে ৷
উল্লেখ্য যে, এই অপহৰণ কাণ্ড পৰিকল্পনা কৰাৰ বাবে ইৰছাদ লটিফ, প্ৰাক্তন আলফা সদস্য ৰাহুল হাজৰিকা ওৰফে লাডেন, চফিকুল ৰহমান আৰু ত্ৰিনয়ন বাৰোৱাটী, মুবিন হাজৰিকাক আৰু জেৰিফৎ আহমেদক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।
তাহিৰুলক বিচাৰি শিৱসাগৰ আৰক্ষীয়ে বিগত ১৩ দিনে অভিযান অব্যাহত ৰাখিছিল। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, তাহিৰুল হুছেইন আৰু ৰাহুল হাজৰিকা ওৰফে লাডেনে অ’ এন জি চিৰ অনা অসমীয়া বিষয়াক অপহৰণৰ পৰিকল্পনা কৰিছিল।