ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হিচাপে প্ৰবোও চুবিয়ান্তো আৰু উপ-ৰাষ্ট্ৰপতি হিচাপে জিব্ৰান ৰাকাবুমিঙে দেওবাৰে শপতগ্ৰহণ কৰে । এই অনুষ্ঠানত ভাৰতৰ হৈ উপস্থিত থাকে বৈদেশিক পৰিক্ৰমা বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পাবিত্ৰ মাৰ্ঘেৰিটা ।
অনুষ্ঠানত অংশ লৈ এক্সৰ এটা পোষ্টত মাৰ্ঘেৰিটাই কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত বন্ধুত্ব ইতিবাচক দ্বিপাক্ষিক সম্পৰ্কৰ এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে । কিয়নো দুয়োখন ৰাষ্ট্ৰই ২০২৪ চনত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰীয়া বৰ্ষপূৰ্তি উদযাপন কৰিছে ।
প্ৰাক্তন ৰাষ্ট্ৰপতি জোকো উইডোডোৰ চৰকাৰত প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰবোওৱে ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত নিৰ্বাচনত ৫৯ শতাংশ ভোটৰ ব্যৱধানত ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰে । তেওঁৰ লগতে উইডোডোৰ পুত্ৰ জিব্ৰান ৰাকাবুমিং উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় । শপতগ্ৰহণৰ জৰিয়তে উইডোডোৰ দ্বাৰা আৰম্ভ কৰা উন্নয়নমূলক আৰু নীতিগত ব্যৱস্থাসমূহক আগুৱাই লৈ যাবলৈ তেওঁলোক সাজু হৈছে ।