দ্য সাবৰমতী ৰিপ’ৰ্ট সন্দৰ্ভত পীযুষ হাজৰিকাৰ পত্ৰ…

সাম্প্ৰতিক সময়ত সমগ্ৰ দেশজুৰি চৰ্চিত হোৱা এখন চলচ্চিত্ৰ ৷ ইতিমধ্যে দেশৰ বিভিন্ন প্ৰান্তত চলচ্চিত্ৰখনৰ প্ৰতি দৰ্শকে ব্যাপক সহাৰি আগবঢ়াইছে ৷অলপতে সংসদ ভৱনত এক বিশেষ প্ৰদৰ্শনীত বহুচৰ্চিত দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখন উপভোগ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৷ শেহতীয়াকৈ এই বিশেষ ছবিখনক লৈ অসম চৰকাৰো তৎপৰ হৈ পৰিছে ৷

ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই ইতিমধ্যে সমগ্ৰ উত্তৰ-পূবৰ চলচ্চিত্ৰ বিতৰকসকললৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, যিখন পত্ৰত কোৱা হৈছে এইবুলি যে দ্য সাবৰমতী ৰিপ’ৰ্ট ছবিখনক লৈ ইতিমধ্যে সমগ্ৰ দেশৰ লগতে অসমতো ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

অসমৰ লোকেও ছবিখনৰ বিষয়ে ভাল চৰ্চা আৰম্ভ কৰিছে আৰু সকলোৱে ছবিখন চাব বিচাৰিছে ৷ সেয়ে পৰৱৰ্তী শুকুৰবাৰ অৰ্থাৎ 6 ডিচেম্বৰৰ পৰা প্ৰতিটো ছবিগৃহতে যাতে দিনৰ 2 বজা আৰু বিয়লি 5 বজাত দ্য সাবৰমতী ৰিপ’ৰ্টৰ শ্লট ৰখা হয় আৰু ছবিখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে ২০০২ চনৰ ২৭ ফেব্ৰুৱাৰীত গুজৰাটৰ গোধৰা ষ্টেচনৰ ওচৰত সাবৰমতী এক্সপ্ৰেছৰ এছ-৬ দবাক জ্বলাই দিয়াৰ ঘটনাই এই ছবিখনৰ মূল উপজীব্য ৷ ইতিমধ্যে উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট আৰু ৰাজস্থানকে ধৰি একাধিক ৰাজ্যত দ্য সাবৰমতী ৰিপ’ৰ্টক কৰমুক্ত ঘোষণা কৰা হৈছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেও সংসদ ভৱনত ছবিখন চাই উঠি ইয়াৰ প্ৰশংসা কৰি এই শোকাৱহ ঘটনাৰ আঁৰৰ সত্যৰ এক গুৰুত্বপূৰ্ণ উন্মোচন বুলি অভিহিত কৰিছে ।

ধীৰাজ ছাৰ্নাৰ পৰিচালনাত নিৰ্মিত দ্য সাবৰমতী ৰিপ’ৰ্টত বিক্ৰান্ত মেছি, ৰাশি খান্না আৰু ৰিদ্ধি ডোগ্ৰাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । উল্লেখ্য যে ইয়াৰ পূৰ্বে দ্য কাশ্মীৰ ফাইলছ ছবিখন প্ৰদৰ্শনৰ সময়তো এই ধৰণৰ বিশেষ তৎপৰতা প্ৰদৰ্শন কৰিছিল অসম চৰকাৰে ৷

  • Related Posts

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ

    বিশিষ্ট ব্যৱসায়ী, শৰাইঘাট অফছেট প্ৰেছৰ স্বত্বাধিকাৰী নৃপেন শৰ্মাৰ বিয়োগ৷ অসমৰ ছপাশাল ক্ষেত্ৰৰ হোতা নৃপেন শৰ্মাৰ বিয়োগত শোকৰ ছাঁ পৰিছে৷ দীৰ্ঘদিন ধৰি জড়িত হৈ থাকি ছপা জগতক সমৃদ্ধ কৰা বিশিষ্ট ব্যৱসায়ী…

    গৌৰৱ গগৈৰ প্ৰেৰণাৎসূত বটল নিক্ষেপ? ৰাজ্যজুৰি কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ উত্তাল প্ৰতিবাদ

    মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ গোলাঘাটত বটল নিক্ষেপৰ ঘটনাক লৈ ৰাজ্যজুৰি বিজেপিৰ নেতা-কৰ্মীসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। এই ঘটনাৰ তীব্ৰ সমালোচনা কৰি বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে নানা অঞ্চলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে