

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৮তম কিস্তিৰ বাবে অপেক্ষা কৰি থকা কোটি কোটি কৃষকৰ বাবে সুখবৰ। নৱৰাত্ৰিৰ সময়তে কৃষকসকলৰ একাউণ্টত জমা হ’ব ১৮ সংখ্যক কিস্তিৰ ধন। ইয়াৰ বাবে আনুষ্ঠানিক ঘোষণাও কৰা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ৫ অক্টোবৰ অৰ্থাত শনিবাৰে ৯.৫ কোটি কৃষকৰ একাউণ্টলৈ ১৮ সংখ্যক কিস্তিত ২০ হাজাৰ কোটি টকা হস্তান্তৰ কৰিব। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অফিচিয়েল ৱেবছাইট অনুসৰি অহা ৫ অক্টোবৰত মহাৰাষ্ট্ৰৰ ৱাছিম জিলাত এক কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ১৮তম কিস্তি মুকলি কৰিব।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ অধীনত সকলো যোগ্য কৃষকক বছৰি ৬ হাজাৰ টকা সাহায্যৰ পৰিমাণ প্ৰদান কৰা হয়। এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ১৭টা কিস্তি মুকলি কৰি দিছে। চলিত বৰ্ষৰ জুন মাহত প্ৰদান কৰিছিল ১৭ সংখ্যক কিস্তি।