বুধবাৰে ৱায়নাড় সমষ্টিৰ আগন্তুক লোকসভা উপ-নিৰ্বাচনৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে প্ৰিয়ংকা গান্ধীয়ে ।
ৰাহুল গান্ধী, কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু অন্যান্য স্থানীয় কংগ্ৰেছ নেতাসকলৰ সৈতে প্ৰিয়ংকাই জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁৰ মনোনয়নৰ নথিপত্ৰত স্বাক্ষৰ কৰে ।
মনোনয়ন দাখিলৰ অন্তত তেওঁ সমষ্টিটোত এক ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব । ইয়াত কংগ্ৰেছৰ আন ৰাষ্ট্ৰীয় নেতাসকলো উপস্থিত থাকিব । ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গেকে ধৰি অন্যান্য নেতাসকলে এই ৰোড শ্ব’ত অংশগ্ৰহণৰ সম্ভাৱনা আছে । এই ৰোড শ্ব’টো কালপেট্টাৰ পৰা থাংকলৈকে আগবাঢ়িব ।
উল্লেখ্য যে মনোনয়ন দাখিলৰ বাবে প্ৰিয়ংকা মঙলবাৰে নিশা তেওঁৰ মাতৃ তথা কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ সৈতে পাহাৰীয়া জিলাখনত উপস্থিত হয় । ১৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগা ৱায়নাড় উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ২৫ অক্টোবৰ । প্ৰাৰ্থিত্ব প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হৈছে ৩০ অক্টোবৰ । ভোটগণনা অনুষ্ঠিত হ’ব ২৩ নৱেম্বৰত ।