অসমৰ সৰ্বত্ৰে এতিয়া স্মার্ট মিটাৰক লৈ অব্যাহত আছে প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ জৰিয়তে অধিক বিল দিবলগীয়া হোৱাত এতিয়া অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা।
বিভিন্ন দল-সংগঠনে স্মার্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি পুনৰ উত্তপ্ত হৈ পৰিল বিজুলী ভৱন।
স্মাৰ্ট মিটাৰ বাতিলৰ দাবীত বিজুলী ভৱন ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধী ঐক্যৰ নেতা-কৰ্মীসকলে। প্ৰতিবাদ সাব্যস্ত কৰা শীৰ্ষ নেতাসকলে চৰকাৰক কঠোৰ সমালোচনা কৰে।
প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া বিধায়ক নুৰুল হুদা, সাংসদ অজিৎ ভূঞাৰ লগতে আন বহু নেতা-কৰ্মী উপস্থিত থাকে।