“ৰাহুল গান্ধীয়ে জাতি জনগণনা কৰিব বিচাৰে, কিন্তু..- হিমন্ত বিশ্ব শৰ্মা

ডিজিটেল ডেস্ক: “ৰাহুল গান্ধীয়ে জাতি জনগণনা কৰিব বিচাৰে, কিন্তু নিজৰ জাতিৰ কথা কব নিবিচাৰে।” – কংগ্ৰেছ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী প্ৰসংগত এই মন্ত্যব কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে লোকসভাৰ মজিয়াত ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁৰ জাতিক লৈ প্ৰশ্ন উত্থাপন কৰাৰ পিছত সৃষ্টি হোৱা বিতৰ্কত জঁপিয়াই পৰি এইদৰে আক্ৰমণ কৰে হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাহুল গান্ধীক তীব্ৰ সমালোচনা কৰি কয় যে গান্ধীয়ে পূৰ্বে সাংবাদিকক তেওঁলোকৰ জাতিৰ বিষয়ে সুধিছিল যদিও এতিয়া মানুহে তেওঁৰ বিষয়ে সোধা-পোছা কৰিলে ইছ্যুৰ সৃষ্টি কৰিছে। জাতিৰ কথা নোসোধাকৈ কেনেকৈ জাতি লোকপিয়ল কৰিব পাৰি বুলি প্ৰশ্ন উত্থাপন কৰি শৰ্মাই কয় যে গান্ধীয়ে জাতি লোকপিয়ল কৰিব বুলি কৈছিল যদিও নিজৰ জাতি প্ৰকাশ নকৰে।

চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হবলগীয়া ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ঝাৰখণ্ডত থকা হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত কয়, “আগতে ৰাহুল গান্ধীয়ে সাংবাদিকক তেওঁলোকৰ জাতিৰ বিষয়ে সুধিছিল। এতিয়া যেতিয়া মানুহে তেওঁক জাতিৰ বিষয়ে সুধিব, তেতিয়া তেওঁৰ বাবে সমস্যা হয়। জাতিৰ কথা নোসোধাকৈ জাতি লোকপিয়ল কৰা হ’ব পাৰেনে। ৰাহুল গান্ধীয়ে কয় যে মই জাতি লোকপিয়ল কৰি দিম কিন্তু মোৰ জাতি প্ৰকাশ নকৰো, এইটো কেনেকৈ হ’ব? লোকপিয়ল হ’লে ৰাহুল গান্ধীয়ে নিজৰ জাতি প্ৰকাশ কৰিব লাগিব।”

উল্লেখ্য যে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তথা সমগ্ৰ ইণ্ডিয়া মিত্ৰজোঁটে দেশত জাতি জনগণনাৰ দাবী উত্থাপন কৰি আহিছে। এই প্ৰসংগতে সংসদৰ বাজেট অধিবেশনৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে নাম উল্লেখ নকৰাকৈ কয়, “যাৰ নিজৰে জাতি নাই, তেওঁ জাতি জনগণনাৰ কথা কয়।” কাৰোবাৰ জাতিক লৈ বিজেপি মন্ত্ৰীজনে কৰা এনেধৰণৰ মন্ত্যবই বিতৰ্কৰ সৃষ্টি কৰিছে।

  • Brahmaputra Times

    Related Posts

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দীঘলীয়া বিচাৰ প্ৰক্ৰিয়াৰ অন্তত উচ্চতম ন্যায়ালয়ে নাগৰিকত্ব আইনৰ ধাৰা ১৯৫৫ৰ ৬ক বৈধ ঘোষণা কৰি ৰায় দিয়াত আদৰ জনাইছে চিপিআইএমে৷ চিপিআইএমৰ অসম ৰাজ্যিক সমিতিয়ে আদৰণি জনাইছে। এক বিবৃতিত বামপন্থী সংগঠনটোৱে কয়…

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    ডিজিটেল ডেস্কঃ ভাৰতৰ যদি এখন স্বৰ্গ আছে, সেই স্বৰ্গৰ আত্মাটো আছে মেঘালয়ত- মেঘালয়ৰ মাওডিয়াংডিয়াঙত মেঘালয় স্কিল এণ্ড ইনভেচন হাবৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয় দেশৰ উপ ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে। উল্লেখ কৰা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    ন্যায়ালয়ৰ ৰায়ক আদৰণি চিপিআইএমৰ, কা’ৰ প্ৰয়োগ বন্ধ কৰাৰ দাবী

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    দুদিনীয়া ভ্ৰমণসূচীৰে মেঘালয়ত উপস্থিত দেশৰ উপ ৰাষ্ট্ৰপতি

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা