২০২৬ত ৰাইজৰ দলৰ অবিহনে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে!

ডিজিটেল ডেস্কঃ উজনি অসমত তৎপৰতা আৰম্ভ কৰিছে ৰাইজৰ দলে৷ দলটোৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হাস্পতালৰ পৰা সুস্থ হৈ ওলায়েই দলটোক শক্তিশালী কৰিবলৈ উজনি অসমত অভিযান আৰম্ভ কৰিছে৷ যোৱা ২৭ছেপ্টম্বৰত বিধায়ক অখিল গগৈৰ উপস্থিতিত ডিব্ৰুগড়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী।

বৰবৰুৱাৰ চ্যুকাফা ভৱনত অনুষ্ঠিত যোগদান কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ বিজেপি, কংগ্ৰেছ আৰু অগপৰ দুই শতাধিক সদস্যই দলটোত যোগদান কৰে। নতুনকৈ দলটোলৈ অহা নেতাসকলক ৰাইজৰ দলে একোখনকৈ ফুলাম গামোচাৰে আদৰণি জনায়৷ সভাপতি অখিল গগৈয়ে দললৈ নতুন সদস্য অহাত স্ফূৰ্তি কৰি কয় যে ডিব্ৰুগড় জিলাৰ ৬টা বিধানসভা সমষ্টিৰ ৫টা সমষ্টিত শাসক দলৰ বিধায়ক আছে৷

এটা সমষ্টিত অসম গণ পৰিষদৰ বিধায়ক আছে। তাৰ পাছতো ডিব্ৰুগড়ত ৰাইজৰ দলত যোগদান কৰিবলৈ ৰাইজ আগবাঢ়ি আহিছে। ৰাইজৰ দলক শক্তিশালী কৰি অসমত আঞ্চলিক ৰাজনৈতিক দলসমূহক শক্তিশালী কৰিব লাগিব। গগৈয়ে জোৰ দি কয় যে ২০২৬ চনত ৰাইজৰ দলক বাদ দি কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে৷

  • Related Posts

    ৫০ লাখ টকাৰ ৰাজসাহায্য কেলেংকাৰীত উত্তাল ৰাজনীতি

    জয়ন্তমল্ল বৰুৱাক লৈ কংগ্ৰেছ-ৰাইজৰ দলৰ তীব্ৰ আক্ৰমণ | দিলীপ শইকীয়াৰ কঠোৰ মন্তব্য – “নিজৰ ক্ষেত্ৰত কঠোৰ হওক” | কামাখ্যাত গৈ ক্ষমা খুজি ৫০ লাখ ঘূৰাই দিয়াৰ দাবী অখিল গগৈৰ ৰাজ্যৰ…

    “কংগ্ৰেছে ভাৰতবাসীক ক্ষমা খুজিব লাগিব”, জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ উপলক্ষে বিজেপিৰ ‘যুৱ সংসদ’

    ১৯৭৫ চনৰ ২৫ জুন তাৰিখে কংগ্ৰেছ চৰকাৰৰ অধীনত দেশত জৰুৰীকালীন অৱস্থা আৰোপৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ লগত সংগতি ৰাখি আজি অসম প্ৰদেশ বিজেপি যুৱ মৰ্চা আৰু মহিলা মৰ্চাৰ উদ্যোগত গুৱাহাটীৰ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ