এই দশকত ভাৰতীয় ৰেলৱেত নিযুক্তিৰ সংখ্যাই ৫ লাখৰ ঘৰ অতিক্ৰম কৰিছে। যোৱা দশকত কৈ ৰেল বিভাগত নিযুক্তিৰ সংখ্যা চলিত সময়ছোৱাত বৃদ্ধি পাইছে। নাগপুৰত এছ চি/এছ টি ৰেলৱে এমপ্লয়ি এছ’ছিয়েছনৰ দ্বাৰা আয়োজিত এক সভাত অংশ লৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই তথ্য সদৰি কৰে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ২০০৪ ৰ পৰা ২০১৪ লৈ ৰেল বিভাগত নিযুক্তি দিয়া বিষয়া কৰ্মচাৰীৰ সংখ্যা আছিল ৪.৪ লাখ। সেই সংখ্যা ২০১৪ ৰ পৰা ২৪ ৰ সময়ছোৱাত ৫ লাখৰ ঘৰ অতিক্ৰম কৰিছে।
লগতে তেওঁ জানিবলৈ দিয়ে, প্ৰথমবাৰৰ বাবে ৰেলৱে ইতিহাসত বিভাগটোত নিযুক্তিৰ এক কেলেণ্ডাৰ প্ৰকাশৰ দিহা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো ৰেল বিভাগৰ এই সফলতাৰ কৃতিত্ব দি ৰেল মন্ত্ৰী বৈষ্ণৱে কয়, বৰ্তমান দেশত নতুনকৈ ১২ হাজাৰ ৰেলৰ সাধাৰণ ডবাৰ নিৰ্মাণৰ কাম চলি আছে।