অৱশেষত উদ্ধাৰ শীৰ্ষ ৰে’ল বিষয়াৰ মৃতদেহ…

অৰুণাচল প্ৰদেশৰ তীৰ্থস্থান পৰশুৰাম কুণ্ডত স্নান কৰিবলৈ গৈ খৰস্ৰোতা লোহিত নদীৰ সোঁতত দেওবাৰে সন্ধানহীন হোৱা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ আজি চাৰিটা দিনৰ অন্তত মৃতদেহ উদ্ধাৰ হয় । ঘটনাস্থলীৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত্বত তেজুত বুধবাৰে সন্ধিয়া স্থানীয় মাছমৰীয়াই প্ৰত্যক্ষ কৰে মৃতদেহটো ।

মৃতদেহটো মাছমৰীয়াই প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক অৱগত কৰে আৰু আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু আৰম্ভ কৰে তদন্ত । পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষীয়ে ৰে’লৱে বিভাগৰ স’তে মৃতদেহটো উদ্ধাৰ কৰা সন্দৰ্ভত যোগাযোগ কৰাত ঘটনাস্থলীত ততাতৈয়াকৈ ৰে’লৱে বিভাগৰ বিষয়াৰ স’তে পৰিয়ালৰ লোকো উপস্থিত হয়।

মৃতদেহটো উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ সুৰক্ষা বিভাগৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰীৰ বুলি চিনাক্ত কৰে ।মৃতদেহটো তিনিচুকীয়ালৈ অনা হ’ব আৰু বৃহস্পতিবাৰে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি পৰিয়ালক চমজাই দিব বুলি ৰে’লৱে বিভাগৰ এটা সূত্ৰই সদৰী কৰে ।

উল্লেখযোগ্য যে এন এফ ৰে’লৱেৰ প্ৰধান মুখ্য সুৰক্ষা বিষয়া এছ কে চৌধুৰী ২২ নৱেম্বৰত পত্নীসহ তিনিচুকীয়ালৈ আহিছিল বিভাগীয় কাৰ্যসূচী হাতত লৈ ৷ তেওঁ শুকুৰবাৰৰ নিশা আন আন বিষয়াবৰ্গৰ সৈতে তিনিচুকীয়াত ৰে’লৱে দিহিং ক্লাবত নৈশ আহাৰ গ্ৰহণ কৰিছিল ।

ৰে’লৱে সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, সুৰক্ষা বিষয়াজনে শনিবাৰে পুৱা পাছিঘাটলৈ বুলি ৰাওনা হয় আৰু দেওবাৰে ডাম্বুক হৈ পত্নীসহ পৰশুৰাম কুণ্ডলৈ যায় ৷ তাতে লোহিত নদীৰ পানীত ভৰি পিছলি পৰি পত্নীৰ সন্মুখতে সন্ধানহীন হয় এছ কে চৌধুৰী । পৰৱৰ্তী সময়ত ঘটনাস্থলীত তিনিখনকৈ হেলিকপ্টাৰ আৰু ড্ৰ’নৰ জৰিয়তেও ৰে’লৱে বিভাগে বিষয়াজনৰ সন্ধানত অভিযান চলাইছিল ।

  • Related Posts

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ, মই মুম্বাই এৰি গুছি আহিলো

    বিষাক্ত হৈছে হিন্দী বোলছবি উদ্যোগ৷ যাৰ বাবে মই মুম্বাই এৰি গুছি আহিলো৷ এনদনে আক্ষেপ প্ৰকাশ কৰি হিন্দী বোলছবি জগতক বিদায় দিয়াপ ঘোষণা কৰিলে ছবি নিৰ্মাতা অনুৰাগ কাশ্যপে৷ অভিনেতা-চলচ্চিত্ৰ নিৰ্মাতা অনুৰাগ…

    মন্ত্ৰী সিংহলৰ বিৰুদ্ধে বিধানসভাত কংগ্ৰেছৰ ভৰ্ৎসনা প্ৰস্তাৱ

    গুৱাহাটী প্ৰেছ ক্লাৱে কিয় ভাওনা পাতিব লাগে৷ ভাওনা ছেকুলাৰ নহয়৷ এনে মন্তব্য প্ৰদান কৰি বিতৰ্কত সোমাই পৰিছে মন্ত্ৰী তথা ঢেকিয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহল৷ তাৰ লগতে সংবিধানৰ নামত শপত লোৱা…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে