৩১ অক্টোবৰত অৰুণাচল প্ৰদেশৰ টাৱাং ভ্ৰমণ কৰিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। সেনাৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত থকা ভাৰতীয় সেনাৰ জোৱানসকলৰ লগত দীপাৱলী উদযাপন কৰিব । ইতিমধ্যে টাৱাঙত সেনাই এই উৎসৱৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে।
দুয়োখন দেশে পূব প্ৰান্তৰ সীমান্তত সেনা আঁতৰোৱা আৰু একেলগে সীমান্তত পহৰা দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ ভাৰত-চীন সীমান্তৰ টাৱাং ভ্ৰমণে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব । টাৱাং জিলাৰ সীমান্তৰ কিছু অংশ ভাৰত-চীনৰ স্পৰ্শকাতৰ অঞ্চল হিচাপে পৰিচিত ।
অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী এলেকা যাংছতে অঞ্চলত যোৱা ২০২২ চনত চীনা সৈন্যই বলপূৰ্বক সীমান্ত পহৰা আগুৱাই আনি প্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল । ইয়াকে লৈ দুয়োপক্ষৰ মাজত হতাহতি হোৱাত ভাৰতীয় সেনাই চীনা সৈন্যক এশিকনি দিছিল ।
প্ৰতিৰক্ষা বিভাগৰ সূত্ৰ অনুসৰি, দুয়োপক্ষৰ নিয়ন্ত্ৰিত আৰু পাৰস্পৰিকভাৱে সন্মত উপস্থিতিৰ লক্ষ্যৰে নিৰ্দিষ্ট অঞ্চলত পি এল এত টহল দিয়াৰ অনুমতি দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে । দুয়োখন দেশে এই কূটনৈতিক প্ৰচেষ্টাই এই বিতৰ্কিত খণ্ডত উত্তেজনা হ্ৰাস কৰাৰ ক্ষেত্ৰত সম্ভাৱ্য অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।