লুৰীণে ৰাজনীতিৰ অ-আ-ক-খ জনা হোৱা নাইঃ ৰণজিৎ

বিজেপিক পৰাভূত কৰাৰ হুংকাৰ দি অহা অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈক বিহালী আসনখন এৰি নিদি কংগ্ৰেছে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাত দুয়োনেতাৰ অসহায় অৱস্থাত ৰস পাইছে বিজেপি নেতাই৷ অসমত ভাঙোন অহাত বিজেপিৰ নেতাই বক্ৰোক্তি কৰা থকাৰ মাজতে এইবাৰ বিৰোধী মিত্ৰতাক আৰু লুৰীণজ্যোতি গগৈক আক্ৰমণৰ লক্ষ্য কৰি লয় মন্ত্ৰী ৰণজিৎ দাসে৷ কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ থকা লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈক কটাক্ষ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মৰ্চা-টৰ্চা এইবোৰ সংবাদ মাধ্যমে জীয়াই ৰাখিছে বুলি কটুক্তি কৰিছে। কংগ্ৰেছক মিত্ৰতাৰ ধৰ্ম বিজেপিৰ পৰা শিকিবলৈ কোৱাত উত্তৰ দিবলগীয়া একো নাই বুলি কৈ মন্ত্ৰী দাসেকয় যে লুৰীণজ্যোতি গগৈয়ে ৰাজনীতিৰ অ-আ-ক-খ-ই জনা হোৱা নাই। আমি ২০০৪ চনৰ পৰা বিধায়ক হৈছো। আৱেগৰ ওপৰত ৰাজনীতি বৰ্তি নাথাকে। অসমত কেইবাটাও আৱেগৰ ওপৰত হোৱা দল আছে। আৱেগৰ ওপৰত হোৱা দল হৈছে সাগৰৰ ওপৰৰ ঢৌ। সাগৰৰ ওপৰৰ ঢৌ দেখিবলৈ সুন্দৰ৷ নিমিষতে আহে যেনেকৈ নিমিষতে মাৰো যায়। লুৰীণজ্যোতি গগৈক বিজেপিলৈ আহিলে আদৰণি জনাম বুলি উল্লেখ কৰি মন্ত্ৰী দাসে কয় যে লুৰীণেই নহয়, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীয়েও বিজেপিলৈ আহিলেও ল’ব লাগিব৷ আমি কেৱল বিজেপি কৰি থাকিলে নহ’ব। আনকো বিজেপি কৰাৰ সুযোগ দিব লাগিব। বিদেপিৰ ৬ জন বিধায়কৰে চৰকাৰ নহ’লহেতেন, হিমন্ত বিশ্ব শৰ্মাক অনা বাবে চৰকাৰ হৈছে। লগতে বঙাইগাঁৱত ৩০ হাজাৰ ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰিছে মন্ত্ৰীগৰাকীয়ে৷

  • Brahmaputra Times

    Related Posts

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা সাংসদ পাপ্পু যাদৱৰ। ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীৰ সপক্ষে প্ৰচাৰ চলাবলৈ আজি ঝাৰখণ্ড ভ্ৰমণলৈ অহা সাংসদ পাপ্পু যাদৱে হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে থকা-সৰকা কৰে ৷ অৱশ্যে…

    নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰি নিলম্বিত ৫ ACS বিষয়া…

    ৰাজ্যৰ ৫ গৰাকী ACS বিষয়াক নিলম্বন নিৰ্বাচনী নিৰ্দেশ উলংঘা কৰাৰ অভিযোগত নিলম্বন নিলম্বন কৰা হৈছে ACS কংকনজ্যোতি শইকীয়াক নিলম্বন পৰিস্মিতা দিহিঙীয়া, জিণ্টু শৰ্মা, সৰোজ কুমাৰ ডেকাক আনজন নিলম্বিত ACS বিষয়া…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    হিমন্তৰ গুণ্ডাৰাজ ঝাৰখণ্ডত নচলিবঃ সাংসদ পাপ্পু যাদৱ

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    এখন চহৰতে আছে ২০০তকৈ অধিক কলেজ…

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    নাৰকীয়! মঞ্চতে কুকুৰাৰ ডিঙি কাটি ৰক্তপান অৰুণাচলী শিল্পীৰ

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    ৰাম মন্দিৰৰ ৰায় প্ৰদানৰ দিনটোত অৱসৰ গ্ৰহণ কৰিব ডি ৱাই চন্দ্ৰচূড়ে

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    উত্তৰাখণ্ডত দ খাৱৈত বাগৰিল বাছ: ৩০ গৰাকী যাত্ৰীৰ মৃত্যু

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…

    ছমাহলৈ বৰফৰ আচ্ছাদনৰ মাজত ধ্যানত বিলিন হ’ল বাবা কেদাৰনাথ…