আৰ জি কৰ কাণ্ডঃ চিকিৎসকৰ অনশনৰ মাজতে মমতা বেনাৰ্জীলৈ আইএমএৰ পত্ৰ

ডিজিটেল ডেস্কঃ  কলকাতাৰ আৰ জি কৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ এতিয়াও দেশত প্ৰতিবাদ অব্যাহত আছে । কনিষ্ঠ চিকিৎসকসকলে সেই ঘটনাৰ উচিত ন্যায় প্ৰদান আৰু চিকিৎসকসকলৰ উপযুক্ত নিৰাপত্তাৰ দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

যোৱা ৫ অক্টোবৰৰ পৰা পশ্চিমবংগ জুনিয়ৰ ডক্টৰ্ছ ফ্ৰণ্টৰ কনিষ্ঠ চিকিৎসকসকলে অনিৰ্দিষ্টকালৰ বাবে অনশন কাৰ্যসূচী গ্ৰহণ কৰিছে । প্ৰায় ১ সপ্তাহ ধৰি এই অনশন অব্যাহত ৰাখিছে চিকিৎসকসকলে । কিন্তু পশ্চিমবংগ চৰকাৰে তেওঁলোকৰ দাবী মানি লোৱাৰ ক্ষেত্ৰত এতিয়ালৈ কোনো সেউজ সংকেত দিয়া নাই । যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে চিকিৎসক আৰু ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন (আইএমএ)। সেয়ে আইএমএয়ে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীলৈ এখন পত্ৰ লিখি কনিষ্ঠ চিকিৎসকসকলৰ সৈতে আলোচনাৰ মাধ্যমেৰে সমস্যাবোৰ নিষ্পত্তি কৰিবলৈ আহ্বান জনাইছে ।

আইএমএয়ে উল্লেখ কৰা মতে পশ্চিমবংগ চৰকাৰে সকলো দাবী পূৰণ কৰিব পাৰে । মমতা বেনাৰ্জীলৈ লিখা পত্ৰখনত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে লিখিছে, “বংগৰ কনিষ্ঠ চিকিৎসকসকলে অনশন কৰি থকা প্ৰায় এসপ্তাহ হ’ল । ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে তেওঁলোকৰ ন্যায়সংগত দাবীক সমৰ্থন কৰে । তেওঁলোকৰ প্ৰতি আপুনি তাৎক্ষণিকভাৱে মনোযোগ দিয়া উচিত ।”

পত্ৰখনত আইএমএয়ে লগতে লিখিছে, “পশ্চিমবংগ চৰকাৰ সকলো দাবী পূৰণ কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম । শান্তিপূৰ্ণ পৰিৱেশ আৰু সুৰক্ষা বিলাসিতা নহয় । সেইবোৰ এক প্ৰাথমিক প্ৰয়োজন । এগৰাকী জ্যেষ্ঠ আৰু চৰকাৰৰ মুৰব্বী হিচাপে যুৱ প্ৰজন্মৰ চিকিৎসকসকলৰ সৈতে সমস্যাবোৰ নিষ্পত্তি কৰিবলৈ আমি আপোনাক অনুৰোধ জনাইছো ।”

পত্ৰখনত লিখিছে, “ভাৰতৰ সমগ্ৰ চিকিৎসা সম্প্ৰদায় চিন্তিত আৰু বিশ্বাস কৰে যে আপুনি তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ’ব । যদি ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনে এই ক্ষেত্ৰত কোনো সহায় কৰিব পাৰে তেন্তে আমি অতি আগ্ৰহেৰে সহায় কৰিম ।”

উল্লেখ্য যে কলকাতাৰ ধৰ্মতলাত চিকিৎসকসকলে এই অনশন অব্যাহত ৰাখিছে আৰু তেওঁলোকৰ সমস্যা সমাধান নোহোৱা পৰ্যন্ত কৰ্মস্থলীত যোগদান নকৰাৰ হুংকাৰ দিছে । ইফালে কনিষ্ঠ চিকিৎসকৰ ধাৰাবাহিক প্ৰতিবাদৰ ফলত ৰাজ্যখনৰ স্বাস্থ্য সেৱাত ব্যাপক প্ৰভাৱ পৰিছে ।

  • Brahmaputra Times

    Related Posts

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    ডিজিটেল ডেস্কঃ   কোন হ’ব শাসকীয় বিজেপিৰ পৰৱৰ্তী ৰাষ্ট্ৰীয় অধ্যক্ষ? ইতিমধ্যে কাৰ্যকাল শেষ হৈছে জে পি নড্ডাৰ। নাড্ডাক ইতিমধ্যে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ তৃতীয় কাৰ্যকালৰ মন্ত্ৰীসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হিচাপে দায়িত্ব দিছে।…

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    ডিজিটেল ডেস্কঃ  অশান্ত মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে মঙলবাৰে ৰাজধানী নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ তত্বাবধানত মণিপুৰৰ মেইটেই, কুকি আৰু নগা সম্প্ৰদায়ৰ বিধায়কসকল একলগ হৈ এক বৈঠকত মিলিত হয়। ৰাজ্যখনৰ ভূমি আৰু…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক