হাইলাকান্দি জিলাৰ কাটাখাল বাইপাছত সংঘটিত হৈছে ভয়াবহ পথ দুৰ্ঘটনা। এখন এল্ট’ আৰু ইয়ন গাড়ীৰ মাজত হোৱা সংঘৰ্ষত চাৰিগৰাকী লোকৰ মৃত্যু হয়।
থিতাতে নিহত হোৱা চাৰিগৰাকীৰ মাজত আছে এগৰাকী মহিলা।
নিহত আটাইকেইগৰাকী ব্যক্তি ইয়ন গাড়ীৰ যাত্ৰী আছিল। লগতে গুৰুতৰভাৱে আহত হৈছে এল্ট’ত থকা আন তিনি যাত্ৰী। আহতসকলক ইতিমধ্যে উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে।
হাইলাকান্দিৰ কাটাখাল বাইপাছত সংঘটিত দুৰ্ঘটনাটোত নিহতসকল ব্ৰজগোপাল দাস (৬০) তেওঁৰ পত্নী গোপা দাস (৫৫) ৰমেন্দ্ৰ নাৰায়ণ দাস (৫৪) আৰু গাড়ীৰ চালক অজিত দাস।
দুৰ্ঘটনাটোত মৃত্যু হোৱা পৰিয়ালটো বদৰপুৰ ৰেলৱে কলনীৰ বাসিন্দা আছিল।