শনিবাৰে চামগুৰিৰ মৰিপুঠীখাইতীত গুলীচালনাৰ ঘটনা সংঘটিত হয়। বিজেপিৰ পদযাত্রাৰ সময়ত দুৰ্বৃত্তই গুলীচালনাৰ সংঘটিত কৰে। এই পদযাত্রাৰ সময়ত উপস্থিত আছিল বিধায়ক জিতু গোস্বামী, সুৰেশ বৰাৰ লগতে বিজেপিৰ কেইবাগৰাকী কৰ্মকৰ্তা ।ইয়াৰোপৰি বিধায়ক জিতু গোস্বামীৰ বাহনলৈও দুৰ্বৃত্তই গুলীচালনা কৰে।
অৱশ্যে সেই সময়ত বিধায়কগৰাকী বাহনখনত উপস্থিত নাছিল, উক্ত সময়ত তেঁও আন আন সতীৰ্থ- কৰ্মীৰ সৈতে পদযাত্ৰাত ব্যস্ত আছিল। কোন দিশৰ পৰা, কোনে গুলী নিক্ষেপ কৰিলে; ইয়াকৈ লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে।
উল্লেখযোগ্য যে মাগুৰিমাৰীৰ পৰা লাটনিলৈ গৈ আছিল বিজেপিৰ ৰেলী। কিন্তু মৰিপুঠীখাইতী পোৱাৰ পিছতেই হঠাৎ দুৰ্বৃত্তই গুলীচালনা কৰে। ফলত কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। সম্প্ৰতি এই ঘটনাকলৈ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।