চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ দিনটোতে ভয়ংকৰ কাণ্ড সংঘটিত হয়৷ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন দাখিলৰ বাবে উলিওৱা সমদলত ৰাজপথত সাংবাদিকক দৌৰাই দৌৰাই আক্ৰমণ কৰা হয়৷ চামগুৰিৰ কাৱৈমাৰি-বৰমা পথেৰে হাজৰ হাজাৰ সমৰ্থকক লগত লৈ কংগ্ৰেছে সমদল কৰি গৈ থকাৰ সময়তে ভগামুখত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাৰ সভাৰ সন্মুখীন হয় কংগ্ৰেছৰ সমদল৷ বিজেপিৰ সভাৰ সমীপেৰে কংগ্ৰেছৰ সমদল গৈ থকাৰ সময়তে বিজেপি কৰ্মীয়ে কংগ্ৰেছ কৰ্মীক আক্ৰমণৰ অভিযোগ উঠে। অভিযোগ মতে, ইটো দলৰ কৰ্মীয়ে সিটো দলৰ কৰ্মীৰ বিৰুদ্ধে শ্ল’গান দিয়াত প্ৰথমে সংঘৰ্ষ লাগে। হতাহতিত লিপ্ত হয় কংগ্ৰেছ আৰু বিজেপি কৰ্মী। তেনে সময়তে হাতত বুম আৰু কমেৰা লৈ থকা সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি লয় উদণ্ড বিজেপি কৰ্মীয়ে৷ উদণ্ড বিজেপি কৰ্মীয়ে বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ কৰে। সাংবাদিকৰ কেমেৰা কাঢ়ি নিয়াৰ প্ৰয়াস কৰাৰ লগতে কাপোৰ কানি ফালি পেলায়৷ পৰিস্থিতি ভয়াবহ হোৱাৰ পাছতে সাংবাদিক সমাজে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে৷ সাংবাদিকৰ সুৰক্ষা আৰু বিজেপিৰ গুণ্ডাৰ আক্ৰমণৰ বলি সাংবাদিকক ন্যায় প্ৰদান দাবী তুলি ৰাজপথত বহি প্ৰতিবাদ আৰম্ভ কৰে সাংবাদিকে৷ তেনে সময়তে সাংবাদিকক বুজনি দিবলৈ ততাতৈয়াকৈ উপস্থিত হয় মন্ত্ৰী পীয়ুষ হাজৰিকা৷ হাজৰিকাই সাংবাদিকক আক্ৰমণ কৰা কাণ্ডত আক্ষেপ ব্যক্ত কৰি সাংবাদিকৰ সুৰক্ষা আৰু ঘটনাৰ তদন্তৰ আশ্বাদ দিয়ে৷ বিজেপি কৰ্মীয়ে সাংবাদিকক খেদি খেদি আক্ৰমণ কৰাৰ ঘটনাই ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ শাসকীয় বিজেপি কৰ্মীয়ে সাংবাদিক আক্ৰমণ কৰা ঘটনাক উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ সাংবাদিক সমাজ৷ এই ঘটনাক তীব্ৰ গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাৱে৷ বিজেপি কৰ্মীয়ে সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনাক গৰিহণা দি গুৱাহাটী প্ৰেছ ক্লাৱে বিবৃতি প্ৰকাশ কৰি কয় যে সাংবাদিকক এইধৰণে শাসকীয় দলৰ কৰ্মীয়ে আক্ৰমণ কৰা ঘটনাক মানি ল’ব নোৱাৰি। দোষীক অতি শীঘ্ৰেই গ্ৰেপ্তাৰ কৰক৷ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক সাংবাদিক আক্ৰমণৰ ঘটনা সন্দৰ্ভত উপযুক্ত ব্যৱস্থা লবলৈ আহ্বান জনাই দোষীৰ বিৰুদ্ধে দৃষ্টান্তমূলক ব্যৱস্থা লোৱাৰো দাবী জনাই গুৱাহাটী প্ৰেছ ক্লাবে৷ জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাকো সাংবাদিকক আক্ৰমণৰ ঘটনাৰ তদন্তত হস্তক্ষেপৰ আহ্বান জনায়। বাতৰি সংগ্ৰহ কৰি থকা সময়ত বিজেপি কৰ্মীয়ে কৰ্তব্যৰত অৱস্থাত বহু কেইটা সংবাদ প্ৰতিষ্ঠানৰ কেইবাগৰাকী সাংবাদিকক আক্ৰমণ কৰিছিল বুলি অভিযোগ উঠিছে৷ আনহাতে, বাতৰি সংগ্ৰহ কৰি থকা সময়ত বিজেপি কৰ্মীয়ে কৰ্তব্যৰত বহু কেইটা সংবাদ প্ৰতিষ্ঠানৰ কেইবাগৰাকী সাংবাদিকক আক্ৰমণ কৰা কাৰ্যত তীব্ৰ গৰিহণা দিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ সময়ত বিজেপি-কংগ্ৰেছ কৰ্মীৰ সংঘৰ্ষৰ সময়ত সাংবাদিকক খেদি খেদি আক্ৰমণ কৰা কাৰ্যক অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে গৰিহণা দি দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী তুলিছে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে এই ঘটনাক গৰিহণা দিছে৷ সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰি সঞ্জীৱ দাসে কয় যে বিজেপি নেতা আৰু ১৫০০ টকীয়া ভক্তৰ ক্ষমতাই মূৰত ধৰিছে৷ যাৰ বাবে নিজৰ পৰাজয়ৰ ভয়ত সাংবাদিকক আক্ৰমণ কৰিছে৷ তেওঁলোকৰ চৰকাৰ আছে, পৰাজয়ৰ ভয় কিহৰ৷ কাপুৰুষৰ দৰে বাতৰি সংগ্ৰহ কৰা সাংবাদিকৰ ওপৰত খেদি খেদি কিয় আক্ৰমণ কৰিছে? যদি বিজেপি কৰ্মী গুণ্ডা নহয়েই, তেন্তে জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকাই সাংবাদিকে কৰা প্ৰতিবাদত বহি সাংবাদিকক হাতযোৰ কৰি ক্ষমা বিচাৰি দোষীক উচিত শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি দিলে কিয় বুলি প্ৰশ্ন কৰে দাসে? কংগ্ৰেছ দল ত্যাগ কৰি নিজকে ধোঁৱাতুলসীৰ পাত সজাব অহা কেইজনে বিজেপি দলৰ হৈ গুণ্ডাগিৰি কৰি আছে৷ দোষীক উচিত শাস্তি নিদিলে সাংবাদিকসকলক বিজেপি দলৰ সকলো বাতৰি প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাই সঞ্জীৱ দাসে৷