কংগ্ৰেছৰ কামেই বিভাজন,ৰাজত্ব আৰু ভ্ৰষ্টাচাৰ কৰাঃ সৰ্বানন্দ সোণোৱাল

বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এনডিএ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱালৰ সমৰ্থনত আজি বৰজাৰণি আৰু বেদেতীত দুখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।ৱ আজিৰ সভাৰ ভাষণ প্ৰসংগত উল্লেখ কৰে, “অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ হকে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে নিষ্ঠাৰে কাম কৰি আহিছে। “সবকা সাথ, সবকা বিকাশ” মূলমন্ত্ৰেৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোৰে সম-মৰ্যাদা, সম-বিকাশ আৰু সম-অধিকাৰৰ বাবে কাম কৰি আছে। আজি যিধৰণে চাহ জনজাতীয় সমাজ সুসংগঠিত হৈছে, উন্নয়নৰ নতুন দিগন্ত অভিমুখে ধাৱমান হৈছে, সেয়া প্ৰত্যক্ষ কৰি মই অতিশয় আনন্দিত হওঁ।

চাহ জনগোষ্ঠীয় সমাজ বাৰেবৰণীয়া বৃহত্তৰ অসমীয়া সমাজখনত এটা উজ্জ্বল ৰং হিচাপে উজলি আছে। সম্প্ৰতি অসমৰ চাহ উদ‍্যোগৰ ইতিমধ্যে ২০০ বছৰ সম্পূৰ্ণ হ’ল। এই উদ‍্যোগটোৱে কেৱল অসমকেই বিশ্ববিখ্যাত কৰা নাই, ভাৰতকো বিশ্ববিখ্যাত কৰিছে। দুশ বছৰীয়া এই চাহ উদ‍্যোগৰ অন্তৰালত আছে আমাৰ পৰম শ্ৰদ্ধাৰ চাহ শ্ৰমিক ৰাইজৰ অপৰিসীম কষ্ট, ত্যাগ আৰু সহিষ্ণুতাৰ গাথা। চাহ জনগোষ্ঠীয় ৰাইজৰ সুবিধাৰ্থে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰণয়ন কৰিলে বিভিন্ন কল্যাণকামী আঁচনি।

জন ধন যোজনা, উজ্জ্বলা, স্বচ্ছ ভাৰত অভিযান, প্ৰধানমন্ত্ৰী আৱাস যোজনা আদি বিভিন্ন ধৰণৰ আঁচনিয়েও চাহ জনগোষ্ঠীৰ জীৱন ধাৰণৰ মান উন্নীত কৰিছে। পিছে কংগ্ৰেছে ৬০ বছৰকাল কেৱল লুণ্ঠন কৰিয়েই কটালে‌। কংগ্ৰেছৰ কামেই আছিল বিভাজন কৰা আৰু ৰাজত্ব কৰা, দুৰ্নীতি কৰা আৰু ভ্ৰষ্টাচাৰ কৰা। দৰিদ্ৰ লোকৰ বাবে আবণ্টিত পুঁজি আত্মসাৎ কৰাটো আছিল কংগ্ৰেছৰ নীতি। কিন্তু বিজেপি চৰকাৰে চাহ বাগিচা অঞ্চলৰ উন্নতিৰ যাত্ৰাক এক নতুন শিখৰত উপনীত কৰিবলৈ সক্ষম হৈছে।

ইয়াৰ বাবে মহিলা শক্তিৰ সহযোগিতাও অপৰিসীম। তদুপৰি গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ বাবেও আমাৰ দ্বৈত ইঞ্জিন চৰকাৰে কেতবোৰ অভিলাষী পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া গোৰ্খা জনগোষ্ঠীয়ে সকলো দিশতে সমানেই আগুৱাই গৈছে। অসমৰ জাতীয় জীৱনত গোৰ্খাসকলৰ অৱদান অপৰিসীম।”

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…