কাইলৈৰ পৰা পুনৰ সলনি হ’ব বিদ্যালয়ত পাঠদানৰ সময়

কাইলৈৰ পৰা পুনৰ সলনি হ’ব বিদ্যালয়ত পাঠদানৰ সময়। সৰ্বশিক্ষা অভিযান মিছন, কামৰূপ (মহানগৰ)একামৰূপ মহানগৰৰ শিক্ষানুষ্ঠানলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে।

১ অক্টোবৰ অৰ্থাত মঙলবাৰৰ পৰা পুনৰ পূৰ্বৰ স্বাভাৱিক সময়ৰ পৰাই পাঠদান হ’ব। কামৰূপ (মহানগৰ)ৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে।

উল্লেখ্য যে, উকট গৰমৰ বাবে বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰিছিল প্ৰশাসনে। অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা গৰমৰ বাবে যোৱা ২৩ ছেপ্তেম্বৰত বিদ্যালয় বন্ধ ঘোষণা কৰিছিল মহানগৰ প্ৰশাসনে।

কিন্তু ২৪ ছেপ্তেম্বৰত পুনৰ পাঠদানৰ সময়সীমা পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈ হ’ব বুলি জনাইছিল প্ৰশাসনে। কিন্তু গৰমৰ মাত্ৰা হ্ৰাস পোৱাৰ বাবে প্ৰশাসনে পুনৰ বিদ্যালয়ৰ পাঠদান পূৰ্বৰ সময়সীমাকে নিৰ্ধাৰণ কৰে।

স্মৰ্তব্য যে, ২৮ ছেপ্তেম্বৰত সৰ্বশিক্ষা অভিযান মিছন, কামৰূপ (মহানগৰ)এ বিদ্যালয়ৰ পাঠদানৰ সময় সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল।

  • Brahmaputra Times

    Related Posts

    চামগুৰিতেই সৰ্বাধিক গুণ্ডাৰাজঃ আমিনুল ইছলাম

    ডিজিটেল ডেস্কঃ চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি মঙলবাৰে কংগ্ৰেছ আৰু বিজেপি দলৰ কৰ্মী-সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতক লৈ মন্তব্য কৰিছে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে । চামগুৰি…

    ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ…

    ডিজিটেল ডেস্কঃ  ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মিছন বসুন্ধৰা ৩.০ । ১৯ অক্টোবৰৰ পৰা মিছন বসুন্ধৰাৰ তৃতীয় পৰ্ব আৰম্ভ কৰিবলৈ কেবিনেটে অনুমোদন দিছে । বসুন্ধৰা ৩.০ ত অহা ৩১ ডিচেম্বৰলৈ…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    কোন হ’ব বিজেপিৰ পৰৱৰ্তী সভাপতি?

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    মণিপুৰত শান্তি স্থাপনৰ উদ্দেশ্যে দিল্লীত বৈঠক সম্পন্ন

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    দিল্লীত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাদৰ অভিনেত্ৰী ৰশ্মিকা

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দুদিনীয়া কাৰ্যসূচীলৈ মেঘালয়লৈ আহিব জগদীপ ধনখৰ

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক

    দিল্লীত উপস্থিত মণিপুৰৰ বিধায়িনী দলঃ অমিত শ্বাহৰে গুৰুত্বপূৰ্ণ বৈঠক