
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ পুনৰ আৰম্ভ হৈছে প্ৰতিবাদ। অসমৰ এক জ্বলন্ত সমস্যা ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ক লৈ দীৰ্ঘ দিনৰ পৰা প্ৰতিবাদ, আলোচনা চলি আহিছিল যদিও কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক মাহী আইৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে।
দীৰ্ঘদিনৰ পৰা বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ উদ্যোগত নতুন দিল্লীৰ যন্তৰ-মন্তৰত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
এই প্ৰতিবাদৰ জৰিয়তে পুনৰবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক দেশৰ ৰাজধানীৰ পৰা ছয় জনগোষ্ঠীক শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰিবলৈ সকিয়াই দিয়া হয়।
প্ৰতিবাদস্থলীৰ পৰাই মৰাণ, মটক, টাই আহোম, চুতীয়া, কোঁচ-ৰাজবংশী, চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত স্মাৰক পত্ৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়।
উল্লেখযোগ্য যে ২০১৯ চনৰ ৮ জানুৱাৰী তাৰিখে ৰাজ্যসভাত অনুসূচীত জনজাতি সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল, তাত ছয় জনগোষ্ঠীক অনুসূচীত জনজাতি মৰ্যদা প্ৰদান কৰাৰ কথা স্পষ্টভাৱে উল্লেখ কৰা হৈছিল কিন্তু আজি পৰ্যন্ত এই বিধেয়ক গৃহীত হৈ আইনলৈ ৰূপান্তৰিত নহ’ল।