গাংমৌথানৰ সমাজকৰ্মী দিলীপ সেনৰ মৃত্যু, অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ শোক

উত্তৰ অসমৰ বিশ্বনাথ জিলাৰ গাংমৌথানৰ নকোনীয়া পথাৰৰ সমাজকৰ্মী দিলীপ সেনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে৷ আজি অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এটা সজাতি দলে প্ৰয়াত দিলীপ সেনৰ বাসগৃহত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি এক শোক প্ৰস্তাৱ প্ৰদান কৰে৷ অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে কয় যে দিলীপ সেন সদায়েই অনুসূচিত জাতিৰ লোকৰ অধিকাৰৰ হকে জাগ্ৰত আছিল৷ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সামৰা দিলীপ সেনে সমাজৰ বিভিন্ন দায়িত্ব পালন কৰি যুৱ প্ৰজন্মক উৎসাহী কৰি গৈছে৷ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি তেখেতৰ মৃত্যু এক অপূৰণীয় ক্ষতি বুলিও কয় সঞ্জীৱ দাসে৷ জানিব পৰা মতে, ৮ অক্টোবৰত বিশ্বনাথ জিলাৰ গাংমৌথানৰ নকোনীয়া পথাৰৰ সমাজকৰ্মী দিলীপ সেনৰ দেহাৱসান ঘটে৷ অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত দিলীপ সেনৰ পুত্ৰ মদন সেন অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰি আহিছে৷

  • Related Posts

    আজি মহাঅষ্টমীঃ কোকৰাঝাৰত দেৱী দৰ্শন মুখ্যমন্ত্ৰীৰ…

    ডিজিটেল ডেস্কঃ আজি মহাঅষ্টমী। সেই উপলক্ষে কোকৰাঝাৰৰ বিভিন্ন দুৰ্গা পূজাস্থলীত দেৱী দৰ্শনৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পুৱাই হেলিকপ্টাৰ যোগে কোকৰাঝাৰ গ্ৰীণ ফিল্ডত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০…

    আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা

    সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ পৰৱৰ্তী সাধাৰণ সম্পাদকৰ দৌৰৰ শীৰ্ষত আছে কাৰ্বি আংলঙৰ এগৰাকী ছাত্ৰ নেতা। আগন্তুক ৬ মাহলৈ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব লাভৰ উজ্জ্বল সম্ভাৱনা চৰ্জন হাঞ্চেৰ। প্ৰায়…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ