এইবাৰ দিল্লীৰ পৰা শ্বিলং অভিমুখী বিমানত বোমাৰ ভাবুকি ৷ বৰঝাৰ গোপীনাথ বৰদলৈ বিমান বন্দৰত জৰুৰী অৱতৰণ বিমানখনৰ ৷ অৱতৰণৰ পিছতেই নিৰাপত্তা বাহিনীয়ে তন্নতন্নকৈ পৰীক্ষা কৰে বিমানখন ৷ কিন্তু কোনো সামগ্ৰী উদ্ধাৰ হৈছে নে নাই সেই কথা জানিব পৰা হোৱা নাই
স্পাইচজেটৰ SG 2448 বিমানখনে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে সুৰক্ষিতভাৱে যাত্ৰীসকলক নমাই অনা হয় ৷ বিমানখনত বোমা থকা বুলি লাভ কৰা তথ্য়ৰ পিছতে বৰঝাৰ বিমান বন্দৰত জৰুৰী সংকেত ধ্বনি বাজি উঠে ৷ লগে লগে যাত্ৰীসকলৰ মাজত হুৱাদুৱা লাগে ৷ এই সন্দৰ্ভত সবিশেষ তথ্য জনাৰ বাবে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল যদিও কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি পোৱা নগ’ল ।
জানিব পৰা মতে বিভিন্ন বিমান পৰিবহণ সংস্থাৰ ২৭ খন বিমানে বোমাৰ ভাবুকি লাভ কৰিছিল ৷ যাৰ বাবে এই বিমান কেইখনৰ চলাচলত ব্যাঘাত জন্মে ৷ এয়াৰ ইণ্ডিয়াৰ ৬ খন আৰু স্পাইচজেট, ইণ্ডিগ’ আৰু ভিষ্টাৰাৰ ৭ খনকৈ বিমানলৈ আহিছিল ভাবুকি ভৰা ফোনকল ৷ এদিন পূৰ্বে ইণ্ডিগ’, এয়াৰ ইণ্ডিয়া, ভিষ্টাৰা, স্পাইচজেট, এলায়েন্স এয়াৰ আৰু আকাছা এয়াৰৰ মুঠ ২৫০ খন বিমানে লাভ কৰিছিল অনুৰূপ ভাবুকি ৷