ব্ৰকলি তেনেই এবিধ সাধাৰণ পাচলি, যাক বহু পুষ্টিকৰ উপাদানৰ ভঁৰাল বুলি কোৱা হয় ৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰ’টিনৰ লগতে কেলচিয়াম, কাৰ্বহাইড্ৰেট, আইৰণ, ভিটামিন এ, চি আৰু আন বহুতো পুষ্টিকৰ উপাদান থাকে ৷ ইয়াত বহু ধৰণৰ লৱণো পোৱা যায়, যিয়ে শৰ্কৰাৰ মাত্ৰা বজাই ৰখাত সহায় কৰে ৷
৯১ গ্ৰাম ব্ৰকলিত থকা পুষ্টিকৰ উপাদান-
- প্ৰ’টিন: ২.৫ গ্ৰাম
- কাৰ্ব: ৬ গ্ৰাম
- চেনিঃ ১.৫ গ্ৰাম
- আঁহ: ২.৪ গ্ৰাম
- চৰ্বি: ০.৪ গ্ৰাম
- কেলৰি: ৩১
- পানী: ৮৯%
ব্ৰকলি খোৱাৰ ৫টা আচৰিত উপকাৰিতা
১) ব্ৰকলিত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন চি পোৱা যায় ৷ ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব পাৰে আৰু সংক্ৰমণৰ পৰাও ৰক্ষা কৰিব পাৰে ৷
২) ব্ৰকলিত থকা চেলেনিয়াম আৰু গ্লুক’চিনলেটৰ দৰে মৌলে হৃদযন্ত্ৰক সুস্থ কৰি ৰখা প্ৰ’টিন বৃদ্ধিৰ কাম কৰে ৷
৩) খাদ্যত ব্ৰকলি অন্তৰ্ভুক্ত কৰিলে যকৃতৰ ক্ষতিৰ সম্ভাৱনা কম হয় আৰু চৰ্বিযুক্ত যকৃতৰ সমস্যাত সকাহ পোৱা যায় ৷
৪) ব্ৰকলিত প্ৰ’টিন, আইৰণ, ফলেট, ভিটামিন চি আৰু ভিটামিন কে আদিও ভাল উৎস থাকে যিবোৰ গৰ্ভৱতী মহিলাৰ বাবে অপৰিহাৰ্য পুষ্টিকৰ উপাদান বুলি গণ্য কৰা হয় ৷
৫) ব্ৰকলিত কেলচিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ এনে পৰিস্থিতিত ব্ৰকলি হাড় আৰু দাঁতৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।