কোনো মতে ৰক্ষা পৰিল সুখবীৰ সিং বাদল…

শিৰোমণি অকালি দলৰ নেতা সুখবীৰ সিং বাদলক লক্ষ্য কৰি আক্ৰমণ । অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত এজন লোকে সুখবীৰ সিং বাদলক লক্ষ্য কৰি গুলীচালনা কৰে । কোনো মতে ৰক্ষা পৰে শিৰোমণি অকালি দলৰ নেতাগৰাকী । ঘটনাস্থলীত উপস্থিত থকা একাংশ লোকে আক্ৰমণকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

পুৱা প্ৰায় ৯:৩০ মান বজাত বাদলে স্বৰ্ণ মন্দিৰৰ প্ৰৱেশদ্বাৰত সেৱা আগবঢ়াই থকাৰ সময়তে তেওঁক লক্ষ্য কৰি গুলীচালনা কৰে । সেই সময়ত বাদলে ‘সেৱাদাৰ’ৰ পোছাক পৰিধান কৰি আছিল । গুলীৰ শব্দ শুনাৰ লগে লগে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । উপস্থিত লোকসকলে ইফালে সিফালে দৌৰিবলৈ আৰম্ভ কৰে ।

জানিব পৰা মতে সুখবীৰ সিং বাদলে স্বৰ্ণ মন্দিৰত ‘সেৱা’ আগবঢ়াই আছিল । তেওঁ শিৰোমণি অকালি দলৰ নেতাজনে শ্ৰী অকাল তখত চাহিবে ঘোষণা কৰা নীতি পালন কৰি আছিল । সেই সময়তে এজন লোকে তাত উপস্থিত হৈছিল আৰু পকেটত লুকুৱাই থোৱা পিষ্টল এটা উলিয়াইছিল আৰু তেওঁৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছিল । তেতিয়া তাত উপস্থিত লোকসকলে লোকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।

সৌভাগ্যক্ৰমে তেওঁৰ দেহত গুলী লগা নাছিল । লোকসকলে আক্ৰমণকাৰীজনক পিছত আৰক্ষীক গতাই দিয়ে । আৰক্ষীয়ে তেওঁক জিম্মাত লৈ আৰু সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে । আক্ৰমণকাৰীজনক নাৰায়ণ সিং চৌড়া বুলি চিনাক্ত কৰা হৈছে । অৱশ্যে আক্ৰমণটোৰ আঁৰৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই ।

এডিচিপি হৰপাল সিঙে ঘটনা সন্দৰ্ভত কয়, “তাত শক্তিশালী নিৰাপত্তা ব্যৱস্থা আছিল । সুখবীৰ সিঙক সঠিক সুৰক্ষা দিয়া হৈছিল । নাৰায়ণ সিং চৌড়া (আক্ৰমণকাৰী) মঙলবাৰেও তাত আছিল । আজিও, তেওঁ প্ৰথমে গুৰুক সেৱা জনাইছিল ।”

ইফালে এছজিপিচিৰ অধ্যক্ষ হৰজিন্দৰ সিং ধামীয়ে কয়, “আমি আমাৰ উৎসৰ জৰিয়তে ইয়াৰ পুংখানুপুংখ তদন্ত কৰিম । গুৰু ৰাম দাসে সুখবীৰ সিং বাদলক ৰক্ষা কৰিছে । আমি নিৰাপত্তা ব্যৱস্থা নিৰীক্ষণ কৰি আছো ।”

দলটোৰ জ্যেষ্ঠ নেতা দলজিৎ সিং চিমাই সংবাদ মাধ্যমৰ সন্মুখত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰী ভগৱন্ত মানে আইন-শৃংখলাৰ অৱনতিৰ দায়িত্ব ল’ব লাগে আৰু পদত্যাগ কৰিব লাগে বুলিও তেওঁ দাবী জনাইছে ।

  • Related Posts

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পশ্চিমবংগত পুনৰ সংঘটিত হৈছে বৰ্বৰ ধৰ্ষণকাণ্ড৷ আৰ জি কৰ ধৰ্ষণ কাণ্ডৰ পিছতে পৰিস্থিতি ক্ষান্ত হৈছিল যদিও এইবাৰ আইনৰ ছাত্ৰীৰ সৈতে সংঘটিত বৰ্বৰ কাণ্ডক লৈ পশ্চিমবংগ উত্তাল হৈ পৰিছে৷ এইবাৰ বীভৎস…

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    কলকাতাত আইনৰ ছাত্ৰীক ধৰ্ষণ, তিনি ছাত্ৰক গ্ৰেপ্তাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে