বিতৰ্কত কণ্ঠশিল্পী দীক্ষু! পলাতক চুমি-তাৰ্কিকে আশ্ৰয় লৈছিল দীক্ষুৰ বাসগৃহত

ট্ৰেডিঙৰ জৰিয়তে হাজাৰ-হাজাৰ কোটি টকাৰ কেলেংকাৰিৰে নাম সাঙোৰ খোৱা বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা পলাতক হৈ থকা চুমি বৰাক বিচাৰি অভিযান অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।

বিগত দুদিন ধৰি অভিযান চলোৱাৰ পিছতো ক’তো কোনো শুংসূত্ৰ পোৱা নাছিল চুমিৰ। কিন্তু ক’ত লুকাই আছিল চুমি বৰা? তাক লৈ এতিয়া পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য।

ৰাজ্যখনৰ জনপ্ৰিয় কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰত আত্মগোপন কৰি আছিল চুমি বৰা আৰু তেওঁৰ স্বামী তাৰ্কিক।

দীক্ষুৱে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, তেওঁলোকৰ ঘৰলৈ গৈছিল চুমি বৰা আৰু তাৰ্কিক। তেওঁলোক যোৱাৰ সময়ত ঘৰত নাছিল দীক্ষু। তাৰ্কিকে ফোন কৰি দীক্ষুৰ পত্নীক তেওঁলোকৰ ঘৰলৈ যাব বিচাৰিছো বুলি কৈছিল। কণ্ঠশিল্পী দীক্ষু আৰু তেওঁলোকৰ মাজত বহুদিনীয়া সু-সম্পৰ্ক আছিল বাবেই দীক্ষুৰ পত্নী বিজিয়েতাও তেওঁলোকক ঘৰলৈ আমন্ত্ৰণ জনাইছিল।

পেচাত ফটোগ্ৰাফাৰ তাৰ্কিক আৰু তেওঁৰ পত্নী চুমি বৰাই ইমান এটা ডাঙৰ কেলেংকাৰীৰ সৈতে জড়িত আছিল বুলি তেওঁলোকে অৱগত নাছিল বুলি সংবাদ মাধ্যমৰ আগত কয় দীক্ষুৰ পত্নী বিজিয়েতাই।

চুমি আৰু তাৰ্কিকক আশ্ৰয় দি এতিয়া দীক্ষু আৰু তেওঁৰ পত্নী অনুতপ্ত বুলিও সংবাদ মাধ্যমৰ আগত জনায়।

সংবাদ মাধ্যমৰ আগত বিজিয়েতাই কয়, ‘‘মই ইমান আঘাত পাইছো যে টিভি স্ক্ৰীণত ইমান বেয়াকে অহাৰ পিছত এই মানুহবোৰ আমাৰ লগত জড়িত হৈ আছিল। আমাৰ ঘৰলৈ আহিছে। এই কথা জানিব পাৰিলে মই কেতিয়াও নাৰাখিলোহেঁতেন।’’

ইফালে দীক্ষুৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আমি সমগ্ৰ বিষয় জানিব পৰাৰ পিছত তেওঁলোকক আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ অনুৰোধ জনাইছিলো যদিও তেওঁলোকে আমাৰ কথাত গুৰুত্ব দিয়া নাছিল।

সম্প্ৰতি দীক্ষুৰ ঘৰৰ পৰা তেওঁলোক ওলাই গৈছে যদিও আৰক্ষীয়ে কোনো শুং-সূত্ৰ উলিয়াব পৰা নাই।

Related Posts

কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, বহিঃৰাজ্যৰ পৰা মৃতদেহ ঘূৰাই আনিবলৈ আঁচনি

দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হয় অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট। এই কেবিনেট বৈঠকত ‎চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। কেবিনেট বৈঠক অনুষ্ঠিত হোৱাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই এক…

আদানী বিৰোধী প্ৰতিবাদকাৰীৰ কাষত গৌৰৱ গগৈ, মামা-মামী, আদানী-আম্বানীয়ে মাটি পাই, সাধাৰণ ৰাইজে নাপায়

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আজি কোকৰাঝাৰৰ বাসবাৰী অঞ্চলত ভূমি উচ্ছেদৰ আশংকাত উদ্বিগ্ন বড়ো জনগোষ্ঠীৰ ৰাইজৰ সৈতে সাক্ষাৎ কৰি তেওঁলোকৰ বাবে যুঁজ দিয়াৰ প্রতিশ্রুতি দিয়ে। গগৈয়ে কয়, “৩,৬০০ বিঘা…

Leave a Reply

Your email address will not be published. Required fields are marked *

সাত সাগৰ তেৰ নদীৰ সিপাৰ

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ