হাড় কঁপোৱা জাৰত গুৱাহাটীত মুকলি আকাশৰ তলত শিক্ষাগুৰুৰ আমৰণ অনশন

ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত শীতৰ প্ৰকোপৰ মাজতে সংসাৰ চলোৱাৰ তাগিদাত প্ৰাণৰ সংশয় জন্মিব বুলিও জানিও মুকলি আকাশৰ তলত বহি পৰিছে কেইবা শ শিক্ষক৷ বিজেপি দলে ২০১৪ চনৰ পিছৰে পৰা প্ৰতিটো নিৰ্বাচনত ৰাজ্যৰ ভেন্সাৰ স্কুলসমূহ প্ৰাদেশীকৰণৰ প্ৰতিশ্ৰুতি দি আহিছে৷ বিজেপি চৰকাৰ গঠন কৰাৰ পিছতে শিক্ষকসকলৰ চাকৰি নিয়মীয়া হ’ব বুলি আশা কৰিছিল যদি বিজপিয়ে প্ৰতিশ্ৰুতি ভংগ কৰিছে৷ কেন্দ্ৰত তিনিবাৰ, ৰাজ্যত দুবাৰ চৰকাৰ গঠন কৰিও শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাটো দূৰৰ কথা এতিয়া শিক্ষকৰ কথাই শুনিব নোখোজে বিজেপি চৰকাৰে৷ যাৰ ফলত আজিৰে পৰা গুৱাহাটীৰ চচলত আমৰণ অনশন আৰম্ভ কৰিছে শিক্ষকসকলে৷ সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক-কৰ্মচাৰী সন্থাই গুৱাহাটীৰ ভি.আইপি ৰোডৰ চচলত আৰম্ভ কৰিছে প্ৰতিবাদ৷ ২০১৭-১৮ চনৰ শিক্ষানুষ্ঠান প্ৰাদেশীকিকৰণ আইনৰ পূৰ্ণাংগ সংশোধন কৰি অৱশিষ্ট অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানসমূহ আৰু ২০১৩ আৰু ২০২১ চনত বঞ্চিত শিক্ষক-কৰ্মচাৰীসকলক প্ৰাকেশীকিকৰণৰ দাবীত গুৱাহাটীৰ চচলত আমৰণ অনশন আৰম্ভ কৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আজি পুৱাই চচলত উপস্থিত হোৱা শিক্ষকসকলে কেইবাটাও দাবী পূৰ্ণ নকৰা পৰ্যন্ত আমৰণ অনশন কাৰ্যসূচী কৰি যোৱাৰ হুংকাৰ দিছে৷ শিক্ষকসকলে দিনে-নিশাই ভোকে পিঁয়াহে অনশন কৰি যাব৷ শিক্ষকৰ লগতে শিক্ষয়িত্ৰীসকলেও দিনে-নিশা অনশন কৰি যাব৷ শিক্ষকসকলে যেতিয়ালৈ তেওঁলোকৰ সমস্যা সমাধন কৰা নহয় আৰু চৰকাৰে আলোচনাত নবহে তেতিয়ালৈ ভোকে-পিঁয়াহে আন্দোলন কৰি যাব বুলি ঘোষণা কৰিছে৷ ইফালে অসম প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই এক বিবৃতিত কয় যে অসমৰ শিক্ষাগুৰুসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত এইখন চৰকাৰৰ কোনো আন্তৰিকতা নাই৷ শিক্ষকসকলৰ সমস্যা সমাধান কৰিব নোৱাৰিলে বিদ্যায়তনিক পৰিৱেশত নৈতিবাচক প্ৰভাৱ পৰে৷ অপ্ৰাদেশীকৃত বিদ্যালয়সমূহৰ সমস্যাসমূহ সামাধান কৰিবলৈ কংগ্ৰেছ দলে দাবী উত্থাপন কৰা বুলিও কয় বৰাই৷ যুৱ নেতা সুব্ৰত তালুকদাৰে আজি প্ৰতিবাদস্থলীত উপস্থিত থাকি ভেন্সাৰ স্কুলসমূহ আৰু ৰৈ যোৱা পদসমূহ প্রাদেশীকৰণৰ দাবী জনায়৷ তালুকদাৰে কয় যে শিক্ষানুষ্ঠান প্রাদেশীকৰণৰ দাবীত চচলত হাজাৰ হাজাৰ শিক্ষকে আমৰণ অনশন কৰিছে। চৰকাৰী অৱহেলাৰ কাৰণে শিক্ষকৰ দৰে সমাজৰ অংশয়ো চৰম ত্যাগৰ বাবে সাজু হ’বলৈ কুণ্ঠাবোধ কৰা নাই৷ অথচ চৰকাৰে উন্নয়নৰ ফুলজাৰি মাৰিবলৈ শেষ নকৰে। চৰম ধিক্কাৰ। অসম অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ সভাপতি সঞ্জীৱ দাসে মানৱ সম্পদ গঢ়িৰ খনিকৰক হাড় কঁপোৱা জাৰত প্ৰতিবাদ কৰিবলৈ বাধ্য কৰাটো চৰম অন্যায় বুলি কয়৷ দাসে শিক্ষকৰ আমৰণ অনশনৰ সমৰ্ৰ্থন কৰি কয় যে পূৰ্বেৰ পৰা শিক্ষকতা কৰি থকা শিক্ষকসকলৰ চাকৰি শীঘ্ৰে নিয়মীয়াকৰণ কৰি শিক্ষকসকলৰ জীয়াই থকাৰ ব্যৱস্থা কৰিব দিব লাগে৷

  • Related Posts

    সাংবাদিকক বিনাচৰ্তে মুক্তিৰ দাবী ভূপেন বৰাৰ

    চতিয়াৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ পত্নীৰ নামত থকা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ বাতৰি পৰিৱেশন কৰাৰ পিছত এজন সাংবাদিকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনা গণতন্ত্ৰৰ পৰিপন্থী। সংবাদ পৰিৱেশন কৰাৰ স্বাধীনতা সাংবাদিকৰ পূৰামাত্ৰাই…

    গীত-কবিতাৰে জীপাল জ্যোতিপ্ৰসাদৰ জ্যোতিতীৰ্থ ভৱন, পোনাকণ বৰুৱাৰ ওপজা দিন পালন

    আজি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মস্থান আৰু জীৱনজোৰা সাধনাৰ স্মৃতি বিজড়িত তামোলবাৰী চাহ বাগিচাৰ জ্যোতি তীৰ্থ ভৱনত চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ব্যতিক্ৰৰ্মী ওপজা দিন পালন কৰে৷ সুধীসমাজ, জ্যেষ্ঠ নাগৰিক, শুভকাংক্ষী, দলীয় সতীৰ্থ,…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…

    প্ৰতিবাদী কৃষকৰ ওপৰত কন্দুৱা গেছ নিক্ষেপ…