

উত্তৰ প্ৰদেশৰ মেৰঠত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। অঞ্চলটোৰ লোহিয়া নগৰ থানা এলেকাৰ মহল্লা জাকিৰ কলনীত এটা তিনিমহলীয়া অট্টালিকা ভাঙি পৰাত এটা পৰিয়ালৰ প্ৰায় ১৫ জন লোকক ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰে।
এই কৰুণ ঘটনাটোত পৰিয়ালটোৰ ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষী-প্ৰশাসনৰ লগতে স্থানীয় লোকৰ সহযোগত ক্ষীপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয়।
দেওবাৰে পুৱা ৩ বজালৈকে প্ৰায় ১০ ঘণ্টা ধৰি চলা উদ্ধাৰ অভিযানত ১১ জন লোকক ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয়, ইয়াৰে জিলা দণ্ডাধীশৰ মতে ৯ জন লোকৰ মৃত্যু হৈছে। ধ্বংসাৱশেষত এতিয়াও ৪ জন লোক আৱদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে।
বিগত কিছুদিনৰ পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শনিবাৰে সন্ধিয়া তিনি মহলীয়া অট্টালিকাটো তাচপাতৰ দৰে খহি পৰে। এই ভয়ংকৰ ঘটনাৰ খবৰ অঞ্চলটোত বনজুইৰ দৰে বিয়পি পৰে।
উল্লেখ্য যে, মুছলমান প্ৰধান অঞ্চল জাকিৰ কলনীৰ সৰু সৰু ৰাস্তাৰ বাবে জেচিবিৰ দৰে গাড়ী সেই স্থানত উপস্থিত হ’ব নোৱাৰাত উদ্ধাৰ অভিযানত যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল।