তিনিচুকীয়া বাইপাছত শোকাৱহ দুৰ্ঘটনাঃ নিহত শিশুসহ ৪ জন

মঙলবাৰে পুৱতি নিশা তিনিচুকীয়া বাইপাছত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে নিহত হয় বাহনখনত থকা ৪ গৰাকী লোক আৰু আহত হয় দুগৰাকী মহিলা ৷ জানিব পৰা মতে, পথৰ দাঁতিৰ দ খালত বাগৰি পৰে চাৰিচকীয়া বাহনখন।

উল্লেখ্য যে, নিহত হোৱা যাত্ৰী চাৰিজনৰ ভিতৰত আছিল এটি শিশুও। ইফালে নিহত লোক কেইজনৰ দুজন বৰডুবিৰ আৰু দুজন বিহাৰৰ । AS 06 AA 2583 নম্বৰৰ মাৰুতি চুইফট্‌ বাহনখনেৰে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা তিনিচুকীয়ৰ বৰডুবিলৈ আহি থকাৰ সময়তে পুৱা সংঘটিত হয় পথ দুৰ্ঘটনাটো ।

তেওঁলোক আহি থকা বাহনখন পথৰ কাষৰ দ খালত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত নিহত লোককেইজন বৰডুবিৰ মহন শ্বাহ, মণ্টু শ্বাহ আৰু বিহাৰৰ অৰ্থ গুপ্তা, ৰাজেশ গুপ্তা ৷

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। লগতে উদ্ধাৰ কৰিছে বাহনখন ৷ সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত পৰিয়ালৰে দুই মহিলাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে

  • Related Posts

    সূৰ্য্য দাসৰ ঘৰত অনুসূচিত জাতিৰ সংগঠনৰ প্ৰতিনিধি, গুৱাহাটীত প্ৰতিমূৰ্তি স্থাপন, বঁটা ঘোষণাৰ দাবী

    অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদৰ নেতৃত্বত অনুসূচিত জাতিৰ সংগঠনসমূহৰ এটা প্ৰতিনিধি দলে গণশিল্পী সূৰ্য্য দাসৰ গুৱাহাটীৰ ঘৰলৈ গৈ গণশিল্পীগৰাকীক গভীৰ শ্ৰদ্ধাজ্ঞলি জ্ঞাপন কৰে প্ৰতিচ্ছৱিত মাল্যপৰ্ণ কৰি বিদেহ আত্মাৰ সদ্গতি কামনা…

    হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ মুখ্যমন্ত্ৰীৰ

    শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ কেইবা সহস্ৰাধিক হিতাধিকাৰীৰ মাজত অনুদান বিতৰণ কৰা হয় । এই উপলক্ষে অনুষ্ঠিত কৰা সভাত আদৰণি ভাষণ প্ৰদান কৰে…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…