জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু ঘটিল এইগৰাকী সাংসদৰ; মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বুধবাৰে মৃত্যু হয় বছিৰহাট তৃণমূল কংগ্ৰেছৰ সাংসদ হাজী নুৰুল ইছলামৰ। তথ্য অনুসৰি নুৰুল ইছলাম দীৰ্ঘদিন ধৰি যকৃতৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। উত্তৰ ২৪ পৰগনা জিলাৰ নিজা বাসগৃহত বুধবাৰে মৃত্যু হয় তৃণমূলৰ সাংসদগৰাকীৰ।

মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ। প্ৰাক্তন সাংসদ নুছৰত জাহানৰ ঠাইত বছিৰহাটৰ পৰা তৃণমূল কংগ্ৰেছে তেওঁক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল।

হাজী নুৰুল ইছলামৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। মমতাই এক্সৰ জৰিয়তে লিখিছে যে আমাৰ বছিৰহাটৰ সাংসদ হাজী এছ কে নুৰুল ইছলামৰ মৃত্যুৰ কথা জানি দুঃখিত। তেওঁ আছিল মোৰ গুৰুত্বপূৰ্ণ সহযোগী। সুদূৰ সুন্দৰবন অঞ্চলৰ এজন নিষ্ঠাবান সমাজকৰ্মী হিচাপে তেওঁ পিছপৰা অঞ্চলৰ দৰিদ্ৰ জনসাধাৰণৰ উত্থানৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছিল। বছিৰহাটৰ ৰাইজে তেওঁৰ নেতৃত্বক স্মৰণ কৰিব। তেখেতৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মী সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো।‘

  • Related Posts

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পুনৰবাৰ পাকিস্তানে ভাৰতক আক্ৰমণৰ প্ৰয়াস কৰে৷ পাকিস্তানী ড্ৰোনে পঞ্জাবৰ ফিৰোজপুৰ জিলাত এটা পৰিয়ালৰ বাসগৃহত আক্ৰমণ কৰাত পৰিয়ালটোৰ তিনিগৰাকী লোক আহত হয়৷ ফিৰোজপুৰৰ এছ. এছ. পি. ভূপিন্দৰ সিং সিধুৱে সংবাদ সংস্থাক…

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাই পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী ঘাঁটি লক্ষ্য কৰি চলোৱা অপাৰেশ্যন সেন্দূৰ-ৰ এদিনৰ পাছতে কেন্দ্ৰীয় চৰকাৰে আজি সকলো দলৰ নেতাৰে এক বৈঠক আহ্বান কৰে। এই বৈঠকখন ৰক্ষা মন্ত্ৰী…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    পঞ্জাবৰ ফিৰোজপুৰত পাকিস্তানৰ ড্ৰোন আক্ৰমণত একেটা পৰিয়ালৰ তিনিজন আহত

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    অপাৰেশ্যন সেন্দূৰৰ পাছত সৰ্বদলীয় বৈঠক, সেনাৰ প্ৰশংসা, ৰাষ্ট্ৰীয় স্বাৰ্থক প্ৰাধান্য

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক সেন্দূৰ অভিযান, মাছুদ আজহাৰৰ পৰিয়ালৰ ১০ জন নিহত!

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ