বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে ত্ৰিপুৰাত গ্ৰেপ্তাৰ ১১ বাংলাদেশী নাগৰিক, জব্দ ৭০ লাখ টকাৰ য়াবা টেবলেট

ডিজিটেল ডেস্কঃ বাংলাদেশত অব্যাহত থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে ত্ৰিপুৰা আৰক্ষীৰ সৈতে সীমান্ত সুৰক্ষা বাহিনীয়ে এজন ভাৰতীয় দালালৰ সৈতে ১১ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ লগতে দুটা পৃথক অভিযানত ৭০ লাখ টকাৰ য়াবা টেবলেট জব্দ কৰিছে।

বি এছ এফৰ মতে, পশ্চিম ত্ৰিপুৰাৰ এ ডি নগৰ থানাৰ অন্তৰ্গত সাধাৰণ এলেকা গজাৰিয়াত বাংলাদেশী নাগৰিকৰ উপস্থিতিৰ সন্দৰ্ভত বি এছ এফৰ নিৰ্দিষ্ট তথ্য লাভ কৰাৰ পিছতে নিশা আৰক্ষী আৰু বি এছ এফে এক যৌথ অভিযান চলায়। এই অভিযানকালত জামা মছজিদ, মুছলিম পাৰা, গজাৰিয়াৰ পৰা ৮ জন বাংলাদেশী নাগৰিকৰ লগতে এগৰাকী মহিলা ভাৰতীয় মহিলাক গ্ৰেপ্তাৰ কৰে।

জেৰাৰ সময়ত বাংলাদেশী নাগৰিক কেইজনে ভাৰতীয় মহিলাগৰাকীৰ সহযোগত গোপনে ভাৰতত প্ৰৱেশ কৰাৰ কথা স্বীকাৰ কৰে। পিছত আটাই কেইজনক আদালতত হাজিৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

ইফালে আন এটা গোচৰত পশ্চিম জিলাৰ অন্তৰ্গত ত্ৰিপুৰা আৰক্ষীৰ সৈতে বি এছ এফৰ সৈন্যই যৌথভাৱে অভিযান চলাই আমতলীৰ ম’বাইল চেক পোষ্টত ৩ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে।

বি এছ এফে এক সুকীয়া কাণ্ডত ছেপাহিজালা জিলাৰ অন্তৰ্গত কালামচৌৰা থানাৰ পৰা বি এছ এফৰ জোৱান আৰু ত্ৰিপুৰা আৰক্ষীৰ এটা দলে বোৰ্ডাৰ আউট পোষ্ট এলেকাত এখন মটৰ চাইকেলৰ পৰা ৫০ লাখ টকা মূল্যৰ ১০ হাজাৰ য়াবা টেবলেট উদ্ধাৰ কৰে।

বি এছ এফৰ নিৰ্দিষ্ট তথ্যৰ ওপৰত আন এটা গোচৰত পশ্চিম জিলাৰ ভাৰতীয় গাঁও কৃষ্ণ নগৰৰ সমীপত বি অ’ পি শ্ৰীনগৰ আৰু ত্ৰিপুৰা আৰক্ষীৰ বি এছ এফৰ জোৱানে যৌথ অভিযান চলায়।

যৌথ অভিযানৰ সময়ত এখন ৰবৰ বাগিচাৰ পৰা ২০ লাখ ৬৩ হাজাৰ টকাৰ ৯৫০০ পেকেট চিগাৰেট (PATRON আৰু ORIS ) উদ্ধাৰ কৰা হয়।

  • Related Posts

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    কালি নিশা নতুন দিল্লী ৰে’ল ষ্টেচনত ভয়ংকৰ ঘটনা সংঘটিত হৈছে৷ মহাকুম্ভত স্নানৰ বাবে প্ৰয়াগৰাজলৈ যাত্ৰাৰ বাবে কেইবা হাজাৰ যাত্ৰীয়ে ঠেলা-হেঁচা কৰাত তিনিটা শিশুসহ ১৮ জন লোক নিহত হয়। কুৰিগৰাকী লোক…

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    সাত সাগৰ তেৰ নদীৰ সিপাৰ

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    মহাকুম্ভলৈ যাবৰ বাবে আহিছিল ষ্টেচনলৈ, পদপিষ্ট হৈ ১৮ জনৰ মৃত্যু

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    সমাগত মহাকুম্ভ মেলাঃ ভক্তৰ সুবিধাৰ্থে বিশেষ পদক্ষেপ উত্তৰ-পূৱ সীমান্ত ৰে’লৱে

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    ৰাষ্ট্ৰীয় সন্মানেৰে অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    প্ৰতিখন ৰাজ্যত কাৰ্যকৰী হ’ব ইউনিফৰ্ম চিভিল কোডঃ অমিত শ্বাহ

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    জৰ্জ ছ’ৰ’ছ ফাউণ্ডেশ্যনৰ সৈতে জড়িত ছোনিয়া গান্ধীঃ বিজেপি

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…

    ৱৰ্লি চি লিংকৰ পৰা অটল সেতুলৈ সাঁতুৰি এলভিছৰ অভিলেখ…