
দেওবাৰে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে উদয় ভানু চিবক ভাৰতীয় যুৱ কংগ্ৰেছৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়ে।
চিবে ভাৰতীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ইয়াৰ পূৰ্বে তেওঁ জম্মু-কাশ্মীৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতিৰ পদতো অধিষ্ঠিত আছিল।
‘কংগ্ৰেছ সভাপতিয়ে ভাৰতীয় যুৱ কংগ্ৰেছৰ বৰ্তমানৰ সাধাৰণ সম্পাদক তথা জম্মু-কাশ্মীৰ প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি উদয় ভানু চিবক ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে তাৎক্ষণিক কাৰ্যকৰীভাৱে নিযুক্তি দিছে’, কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে এক বিবৃতিত এইদৰে কয়।
ইফালে বিদায়ী সভাপতি শ্ৰীনিবাসৰ অৱদানৰ বাবেও দলটোৱে শলাগ লৈছে বুলি বিবৃতিটোত উল্লেখ কৰে।
উল্লেখ্য যে জম্মু-কাশ্মীৰত চলি থকা বিধানসভা নিৰ্বাচনৰ সময়তে ৰাজ্যখনৰে এই যুৱ নেতাজনক সভাপতিৰ দৰে গুৰু দায়িত্ব প্ৰদান কৰা বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে।